ধান চপোৱা

ধান চপোৱাৰ উচিত সময়

ধানৰ উৎপাদন আৰু গুণগত মান বৃদ্ধিৰ বাবে উচিত সময়ত শস্য চপোৱাটো অতি জৰুৰী৷ আগতীয়াকৈ চপোৱা শস্যত বহু পৰিমাণৰ অপৰিপূৰ্ণ আৰু অপৈণত ধান থাকে যিবোৰ কুটুৱাৰ সময়ত সহজে ভাঙে আৰু বীজ হিচাপে ব্যৱহাৰ কৰিলে নগজে৷ শস্য দেৰিকৈ চপালে চৰাইৰ আক্ৰমণৰ ফলত প্ৰচুৰ পৰিমাণৰ লোকচান হয়৷ গুটিবোৰ বেছিকৈ শুকাই যোৱাৰ বাবে শস্যৰ গুণ বহু পৰিমাণে নষ্ট হয় আৰু ইয়াৰ বাবে ধান কুটাওতে অধিক পৰিমাণে ভাঙি যায় আৰু চাউলৰ ৰঙৰ অৱনতি ঘটে৷

  • গুটিৰ আদ্ৰৰ্তা ২০-২২ শতাংশৰ ভিতৰত হ’ব লাগে ৷ ফুল ফুলাৰ ৩০ দিনৰ পিছত সাধাৰণতে ধানত ইমানখিনি আদ্ৰৰ্তা থাকে৷
  • যেতিয়া পথাৰৰ ৮০-৮৫ শতাংশ গুটি খেৰ বৰণীয়া হয়৷
  • যেতিয়া ধানৰ থোকটোৰ তলৰ গুটিবোৰ কঠিন হয়; কোমল হৈ নাথাকেþ ৷
  • ধানৰ গুটিবোৰ মজবুত হয,দাঁতেৰে কামুৰিলে সহজে নাভাঙে৷

ধান চপোৱাৰ পিছত গুণগত মান বঢ়োৱাৰ উপায় ঃ

  • ধানৰ থোকবোৰ পথাৰত যিমান পাৰি কম সময় ৰাখিব লাগে ৷ ধান চপোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত মৰণা মাৰিব লাগে৷
  • ধান চপাই অনাৰ পিছত থোকবোৰে মাটি চুই থাকিব নালাগে ৷
  • মৰণা মৰাৰ পিছত ধানবোৰ যিমান পাৰি সোনকালে শুকুৱাব লাগে৷
  • ৰ’দত শুকুৱাৰ সময়ত প্ৰতি আধা ঘণ্টাৰ মুৰে মুৰে ধানখিনি লৰাই দিব লাগে যাতে সমভাৱে সকলোখিনি ধান শুকায়৷
  • ধান শুকাবলৈ পলিথিন, টাৰপলিন বা পৰিষ্কাৰ মজিয়া ব্যৱহাৰ কৰিব লাগে৷ ধানখিনি ৩-৪ ছেঃমিঃ ডাঠকৈ মেলি দিব লাগে৷
  • বৰষুণ দিলে বা দুপৰীয়া ৰ’দৰ তাপ বেছি হলে ধানখিনি ঢাকি থ’ব লাগে৷
  • শুকুৱাৰ পিছত ধানৰ পতান,¸ খেৰ, বন আদি উৰুৱাই দিব লাগে৷
  • ঠাণ্ডা, শুকান আৰু পৰিষ্কাৰ ঠাইত ধানখিনি ৰাখিব লাগে৷ বীজ বন্ধ পাত্ৰ বা বস্তাত থ’ব লাগে৷ ‘চুপাৰ বেগ’ ব্যৱহাৰ কৰিও ধান সংৰক্ষণ কৰিব পাৰি ৷