চাপ সহনশীল ধানৰ জাত

বানপানী সহনশীল ধানৰ জাত

picture

বিনাধান ১১

বৈশিষ্ট্য: এই জাতটো ইণ্ডোনেচিয়াৰ চিহেৰাং
...

অধিক পঢ়ক
X

বিনাধান ১১

  • বৈশিষ্ট্য: এই জাতটো ইণ্ডোনেচিয়াৰ চিহেৰাং জাতৰ বানপানী সহনশীল সংস্কৰণ৷ জাতটোৱে ২ সপ্তাহ পৰ্যন্ত পানীৰ তলত থাকিব পাৰে৷
  • পিতৃ মুল: আই আৰ আৰ আই ১৪৯, চিহেৰাং
  • অধিসূচনা জাৰিকৰণৰ সময়: ২০১৫ [অসম, ত্ৰিপুৰা, পশ্চিমবংগ]
  • কৃষিকালঃ শালি ধানৰ বতৰত ১১৫-১২০ দিন , বৰো ধানৰ বতৰত ১৩৫ দিন হব পাৰে
  • খেতিৰ বাবে উপযোগী মাটি : মধ্যমীয়া দ’ মাটি আৰু অগভীৰ দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি
  • উচ্চতা : ১০৭-১১৫ ছেঃমিঃ
  • উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.৫-৬.০ টন
picture

স্বৰ্ণ-চাব ১

বৈশিষ্ট্য : এই জাতবিধে পানীৰ তলত ২ সপ্তাহ পৰ্যন্ত ...

অধিক পঢ়ক
X

স্বৰ্ণ-চাব ১

  • বৈশিষ্ট্য : এই জাতবিধে পানীৰ তলত ২ সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ এই জাতটো উৰিষ্যা, পশ্চিম বংগ, বিহাৰ আৰু পূৱ ভাৰতৰ অন্য ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন বানপীড়িত অঞ্চলত বহুলভাৱে খেতি কৰা হয়৷
  • পিতৃমুল: স্বৰ্ণ*৩ / আই. আৰ. ৪৯৮৩০-৭-১-২-২
  • অধিসূচনা জাৰিকৰণৰ সময়ঃ ২০০৯
  • কৃষিকাল : ১৪০-১৪৫ দিন
  • খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মোটা
  • উচ্চতা :১০০ ছেঃমিঃ
  • উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.৫-৬.৫ টন
picture

বাহাদুৰ -চাব ১

বৈশিষ্ট্য : পানীৰ তলত দুই সপ্তাহ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷

অধিক পঢ়ক
X

বাহাদুৰ -চাব ১

  • বৈশিষ্ট্য : পানীৰ তলত দুই সপ্তাহ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷
  • পিতৃমুল : বাহাদুৰ /স্বৰ্ণ-চাব ১/ বাহাদুৰ
  • অধিসূচনা জাৰি কৰা সময় :- ২০১৮
  • কৃষিকালঃ-১৫০-১৫৫ দিন
  • খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰঃ মধ্যমীয়া মোটা
  • উচ্চতা : ১১৫ ছেঃমিঃ
  • উৎপাদন :প্ৰতি হেক্টৰত ৫-৫.৫ টন
picture

ৰণজিৎ-চাব ১

বৈশিষ্ট্য :- পানীৰ তলত দুই সপ্তাহ পৰ্যন্ত জীয়াই ...

অধিক পঢ়ক
X

ৰণজিৎ-চাব ১

  • বৈশিষ্ট্য :- পানীৰ তলত দুই সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷
  • পিতৃ মুল : ৰণজিৎ/ স্বৰ্ণ- চাব ১/ৰণজিৎ
  • অধিসূচনা জাৰিকৰণৰ সময়ঃ- ২০১৮
  • কৃষিকাল : ১৫০-১৫৫
  • খেতিৰ বাবে উপযোগী মাটি :- দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি
  • উচ্চতা : ১১৫ ছেঃমিঃ
  • উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.০-৫.৫ টন

খৰাং সহনশীল ধানৰ জাত

picture

ডি আৰ আৰ ধান ৪৬

ডি আৰ আৰ ধান ৪৬ বৈশিষ্ট্য : এই জাত বিধ উচ্চ উৎপাদনক্ষম আৰু কম কৃষিকালৰ৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি৷ শালি আৰু আহু ধানৰ বতৰত ইয়াৰ খেতি কৰিব পাৰি৷ ই খৰাং সহ্য কৰিব পাৰে আৰু খৰাং বতৰৰ অন্য ধানৰ জাত তকৈ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি ‎‎হেক্টৰত ...

অধিক পঢ়ক
X

ডি আৰ আৰ ধান ৪৬

ডি আৰ আৰ ধান ৪৬ বৈশিষ্ট্য : এই জাত বিধ উচ্চ উৎপাদনক্ষম আৰু কম কৃষিকালৰ৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি৷ শালি আৰু আহু ধানৰ বতৰত ইয়াৰ খেতি কৰিব পাৰি৷‎ ই খৰাং সহ্য কৰিব পাৰে আৰু খৰাং বতৰৰ অন্য ধানৰ জাত তকৈ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি ‎হেক্টৰত ১.০-২.০ টন অধিক উৎপাদন দিয়ে৷

  • অধিসূচনা জাৰিকৰণৰ সময় : ২০১৬
  • কৃষিকাল : ১১৫-১২০ দিন
  • খেতিৰ বাবে উপযোগী মাটি: ওখ মাটি আৰু অগভীৰ দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : দীঘলীয়া মিহি
  • উচ্চতা :১০০-১০৫ ছেঃমিঃ
  • উৎপাদন : প্ৰতি হেক্টৰত ৪.৫-৭.০ টন
picture

ডি আৰ আৰ ধান ৪৪

ডি আৰ আৰ ধান ৪৪ বৈশিষ্ট্য : এই ধানৰ জাত‎টোৰ খেতি ভাৰতবৰ্ষ আৰু হদ্ৰিনাথ ৩ নামেৰে নেপালত অলপতে মুকলি কৰা হৈছে৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট উন্নত আৰু খৰাং সহনশীল ৷ এই জাতটো ‘ব্লাষ্ট’ ৰোগ প্ৰতিৰোধী আৰু ‘বেক্টেৰিয়েল লিফ ব্লাইট’ নামৰ ৰোগ বিধৰ কম পৰিমাণে প্ৰতিৰোধী গুণ সম্পন্ন ‎‎৷

অধিক পঢ়ক
X

ডি আৰ আৰ ধান ৪৪

ডি আৰ আৰ ধান ৪৪বৈশিষ্ট্য : এই ধানৰ জাত‎টোৰ খেতি ভাৰতবৰ্ষ আৰু হদ্ৰিনাথ ৩ নামেৰে নেপালত অলপতে মুকলি কৰা হৈছে৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট উন্নত আৰু খৰাং সহনশীল ৷ এই জাতটো ‘ব্লাষ্ট’ ৰোগ প্ৰতিৰোধী আৰু ‘বেক্টেৰিয়েল লিফ ব্লাইট’ নামৰ ৰোগ বিধৰ কম পৰিমাণে প্ৰতিৰোধী গুণ সম্পন্ন ‎‎‎৷

  • অধিসূচনা জাৰিকৰণৰ সময় :২০১৬
  • কৃষিকাল : ১১৫-১২০ দিন
  • খেতিৰ বাবে উপযোগী মাটি : ওখ মাটি আৰু অগভীৰ দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : দীঘলীয়া মিহি
  • উচ্চতাঃ ১০০-১০৫ ছেঃমিঃ
  • উৎপাদন: প্ৰতি হেক্টৰত ৫-৫.৫ টন