আগতীয়া আহু আৰু বৰো ধানৰ বতৰৰ উন্নত কৃষি পদ্ধতি

আগতীয়া ৰোৱা আহু আৰু বৰো ধানৰ জাত

ধানৰ জাতৰ নাম কৃষি কাল ধানৰ প্ৰকাৰ [দিন] ধানৰ উচ্ছতা [ছেঃমিঃ] প্ৰতি হেক্টৰত উৎপাদন [টন] বৈশিষ্ট্য
বিনাধান ১১ ১১৫-১২০ দিন [ শালি ধানৰ বতৰত] বৰো ধানৰ বতৰত ১৩৫ দিন হ’ব পাৰে মধ্যমীয়া মিহি ১০৭-১১৫ ৫.৫-৬.০ অধিক উৎপাদনক্ষম পানীৰ ডুব সহনশীল ধানৰ জাত৷ ই মধ্যমীয়া দ’ মাটিৰ বাবে উপযুক্ত৷ এই জাতবিধ পানীৰ তলত দুসপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ ই চিহেৰাং জাতৰ ধানৰ বানপানী সহনশীল সংস্কৰণ৷
ডি আৰ আৰ ধান ৪৪ ১২০-১২৫ দীঘলীয়া মিহি ১০০-১০৫ ৫.০-৫.৫ বাম আৰু মধ্যমীয়া মাটিৰ বাবে উপযুক্ত৷ খৰাং সহনশীল
জয়মতী ১৬০-১৭০ মধ্যমীয়া মিহি ১২০ ৬.৫ জলসিঞ্চন ব্যৱস্থা থকা পথাৰ বৰো খেতিৰ বাবে উপযুক্ত৷ দীঘলীয়া কালৰ জাত, আগতীয়াকৈ কঠীয়াতলীত সিচাঁ ধানৰ জাতসমূ‎হ ৰ ভিতৰত ‎এবিধ৷
দীননাথ ১৬০-১৬৫ মধ্যমীয়া মিহি ৯০-৯৫ ৬.৩ চৰক পৰা আৰু বৌখা জ্বলা ৰোগৰ কিছু পৰিমাণে প্ৰতিৰোধী জাত
স্বৰ্নাভ ১৬০-১৬৫ মধ্যমীয়া মিহি ৮৫-৯০ ৬.২ চৰক পৰা আৰু কিছু পৰিমাণে বৌখা জ্বলা ৰোগ প্ৰতিৰোধী জাত
কনকলতা ১৬০-১৬৫ মধ্যমীয়া মিহি ১১৫-১২০ ৬.৫ জলসিঞ্চন ব্যৱস্থা থকা পথাৰত বৰো খেতিৰ বাবে উপযুক্ত, দীৰ্ঘ কৃষি কালৰ জাত

বীজৰ গুণাগুণ আৰু শোধন

বীজৰ গুণাগুণ : ধানখেতিৰ বাবে সুবীজ ব্যৱহাৰ কৰিব লাগে৷ সুবীজ বোৰৰ তলত উল্লিখিত গুণবোৰ থাকে

পৰিষ্কাৰ: বীজৰ মাজত শিল, বালি অথবা অপতৃণৰ বীজ নাথাকে৷

বিশুদ্ধ: বংশগত ভাবে মিল থকা এটা জাতৰ বীজহে বস্তা বা মোনাত থাকে৷

সুস্থ: বীজবোৰ পৰিপূৰ্ণ, একৰঙী আৰু ফাঁট বা দাগ নাথাকে৷

বীজ বাচনি বীজবোৰ পানীত তিঁয়াই ভালদৰে মিহলি দিয়া হয়৷ ওপঙি থকা পতানবোৰ আঁতৰাই দিব লাগে আৰু পাত্ৰৰ তলত পৰাখিনি বীজ হিচাপে লব লাগে৷

বীজ শোধন বীজ শোধনৰ জৰিয়তে ডেম্পিং অফ, শুকাই যোৱা [ উইল্ট আৰু শিপা পচা [ ৰুত ৰ’ত] বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ বীজ বাচনি কৰাৰ পিছত প্ৰতি কিঃ গ্ৰাঃ বীজ ২.০ গ্ৰাম ক্ল’ৰথেলনিল ৭৫ % ডাব্লিঅ পি বা ২.৫ গ্ৰাম কাৰ্বস্কিন বা ট্ৰাইফ্লক্সিস্ত্ৰবিন ২৫ % ডাব্লিঅ পি ১ লিটাৰ পানীৰ লগত মিহলি কৰি ১২ ঘণ্টাৰ কাৰণে ডুবাই ৰাখিব লাগে৷ তাৰ পাছত ৪৮-৭২ ঘন্টা গাপ দি থ’ব লাগে৷

সাৱধানতা প্লাষ্টিক হাতমোজা পিন্ধিহে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে৷

জৈৱিক ভাবে শোধন: বীজ সিঁচাৰ ১ ৰাতি বা ৬ ঘন্টা আগত বীজ বোৰ ভিজাই লৈ ট্ৰাইক’ডাৰমা হাৰ্জিয়ানামৰ পাউদাৰ ভিজা বীজবোৰৰ ওপৰত ছটিয়াই মিহলি কৰি ৩০ মিনিট পাতল ঢাৰি এখনত ছাঁত শুকুৱাব লাগে৷ প্ৰতি কিঃ গ্ৰাঃ বীজৰ বাবে ১০ গ্ৰাম ট্ৰাইক’ডাৰমা হাৰ্জিয়ানাম পাউদাৰৰ প্ৰয়োজন হয়৷ জৈৱিক ভাবে শোধন পদ্ধতি য়ে গছজোপাৰ শিপাৰ শ্ৰীবৃদ্ধিত সহায় কৰে আৰু ৰোগ নিন্ত্ৰয়ণ কৰে৷

সাৱধানতা: প্লাষ্টিক হাতমোজা পিন্ধিহে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে ৷

কঠীয়াতলীৰ যতন আৰু ব্যৱস্থাপনা

কঠীয়া পৰাৰ সময়ঃ বৰো খেতিৰ বাবে: জানুৱাৰীৰ শেষ সপ্তাহ আৰু ফেব্ৰুৱাৰী প্ৰথম সপ্তাহ (৫-৬ টা পাত হোৱা অৱ্স্থাত) ৰুবৰ বাবে নবেম্বৰ-ডিচেম্বৰ কঠীয়া পৰাৰ বাবে উত্তম সময় ৷ আগতীয়া আহুৰ বাবে: ফেব্ৰুৱাৰীৰ দ্বিতীয় পষেকত (৫-৬ টা পাত হোৱা অৱ্স্থাত)ত ৰোৱাৰ বাবে জানুৱাৰীৰ প্ৰথম পষেক কঠীয়া পৰাৰ বাবে উত্তম সময় ৷

বীজৰ পৰিমাণ প্ৰতি হেক্টৰত ৪০-৪৫ কিল’গ্ৰাম

কঠীয়াতলীৰ জোখ: এক হেক্টৰ মূলখেতিপথাৰৰ বাবে ৭৫০ ৰ পৰা ১০০০ বৰ্গমিটাৰ কঠীয়াতলীৰ প্ৰয়োজন৷ কঠীয়াতলীখন ১০ মিটাৰ দীঘল, ১৫ ছেঃমি ওখ হোৱাৰ লগতে ‎ দুটা ভেটিৰ মাজত ৬০ ছেঃমি বহল নলা থাকিব লাগে৷ সুবিধা অনুযায়ী কঠীয়াতলী খনৰ আকাৰ সলনি হব পাৰে যদিও মূল পথাৰৰ ১০ ভাগৰ ৰ ভাগতকৈ বেছি মাটি কঠীয়াতলীৰ বাবে লব নালাগে৷

কঠীয়াতলীত তাপ নিয়¸ন্ত্ৰন : বৰো ধানৰ বতৰত অতিপাত শীতৰ কাৰণে কঠীয়া নাবাঢ়ে৷ সেয়ে প্লাষ্টিকৰ চৈৰ [ ৭৫ ছেঃমিঃ ওখ আৰু ১৫০ ছেঃ মিঃ বহল আৰু কঠীয়াতলী অনুযায়ী দৈৰ্ঘ্য ] দ্বাৰা বীজ সিঁচাৰ ৫ দিন পিছত কঠীয়াতলী খন ঢাকি দিব লাগে ৷ ইয়াৰ দ্বাৰা চৈৰ ভিতৰৰ তাপমাত্ৰা বাঢ়ি যায় ৷ কঠীয়া ৰোৱাৰ সাত দিন আগতে পৰ্যায়ক্ৰমে চৈ খন উঠাই দিব লাগে ৷ প্ৰথম দিনা ৰাতিপুৱা ৮ বজাৰ পৰা ৯ বজালৈ , তাৰ পিছদিনা ৰাতিপুৱা ৮ তাৰ পৰা ১০ বজালৈ ,তৃতীয় দিনা ৮ তাৰ পৰা ১২ বজালৈ, চতুৰ্থ দিনা ৮ তাৰ পৰা ২ বজালৈ আৰু পঞ্চম দিনা ৮ তাৰ পৰা ৪ বজালৈ চৈ খন উঠাই দিব লাগে ৷ শেষৰ দুদিন চৈ খন সমুলি আতঁৰাই ৰাখিব লাগে ৷ ইয়াৰ দ্বাৰা কঠীয়াখিনিয়ে বাহিৰৰ পৰিবেশৰ লগত মিলি যাবলৈ সুবিধা হয় ৷

জলসিঞ্চন কঠীয়াতলীখন শুকাই যাব দিব নালাগে৷ কঠীয়া উঠোৱাৰ ২-৩ দিন আগলৈকে ২-৩ ছেঃমি পানী কঠীয়াতলীত থাকিব লাগে ৷

শস্য ৰক্ষা অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুমোদন অনুসৰি শস্যৰক্ষাৰ ব্যৱস্থা কৰিব লাগে৷

কঠীয়া উপচাৰণ: কঠীয়া উঠোৱাৰ পিছত শিপা বিলাক ধুই লব লাগে৷ ০.২৫ গ্ৰাম ফ্লুবেন্দিআমাইড ২০ % ডাব্লিঅ জি ১ লিটাৰ পানীত বা ০.২০ গ্ৰাম থিঅ’মেথ’ক্সাম ২৫ % ডাব্লিঅ গি মিহলাই আৰু ১০ গ্ৰাম ইউৰিয়া ১ লিটাৰ পানীত মিহলাই লব লাগে৷ প্ৰয়োজন অনুসৰি মিশ্ৰণ তৈয়াৰ কৰি কঠীয়াৰ শিপাখিনি তিনি ঘন্টা মিশ্ৰণটোত ‎‎হিচাপে ডুবাই ৰাখিব লাগে৷ বিকল্প হিচাপে থিঅ’মেথ’ক্সাম ২৫ % ডাব্লিঅ গি ০.২০ গ্ৰাম ১ লিটাৰ পানীত মিহলাই কঠীয়া তোলাৰ ৫-৭ দিন আগত প্ৰয়োগ কৰিব পাৰি৷

কঠীয়াতলীত সাৰ ব্যৱস্থাপনা

কেতিয়া প্ৰয়োগ কৰিব ? সাৰৰ নাম পৰিমাণ [গ্ৰাম প্ৰতি বৰ্গ মিটাৰ ] কেনেকৈ প্ৰয়োগ কৰিব ?
ডিএপি দিলে এচএচ পি দিলে
বীজ সিঁচাৰ সময়ত পচন সাৰ ২০০০ ২০০০ মাটিৰ লগত মিহলাই দিব লাগে
ইউৰিয়া
ডি এ পি -
এচ এচ পি -
এম ও পি

মূল পথাৰ প্ৰস্তুতি

  • দেশী নাঙলেৰে চাৰি বাৰ হালবাই লৈ মৈয়াব লাগে৷
  • এবাৰ মলব’ৰ্ড হাল ব্যৱহাৰ কৰি তাৰ পাছত এবাৰ বা দুবাৰ মৈয়ালেও মাটিখিনি ভাল বোকা হয়৷
  • মূল পথাৰত কঠীয়া ৰোৱাৰ কমেও তিনি সপ্তাহৰ আগত পথাৰত হালবোৱা আৰম্ভ কৰিব লাগে৷ দুবাৰ হাল বোৱাৰ মাজত কেইদিনমানৰ ব্যৱধান ৰাখিব লাগে যাতে নতুনকৈ গজা অপতৃণবোৰ পিছৰবাৰ হালবোৱা সময়ত পোত খাই যায়৷
  • মূল পথাৰখন প্ৰস্তুত কৰাৰ পূৰ্বে পচনসাৰ দিব লাগে আৰু হালবোৱা সময়ত মিহলি কৰি দিব লাগে৷
  • পথাৰৰ আলিবোৰ মেৰামতি কৰিব লাগে৷ এন্দুৰৰ গাঁতবোৰ আৰু আলিৰ কাষসমূহ কাটি মেৰামতি কৰিব লাগে৷ কেঁকোৰা-কুঁচিয়া গাঁতবোৰ নিৰীক্ষণ কৰি বন্ধ কৰি দিব ‎লাগে যাতে অলক্ষিতে পথাৰৰ পানী নাইকিয়া হৈ নাযায়৷
  • পাতল পানী তৰপ এটা ৰাখি পথাৰখন ভালকৈ সমান কৰিব লাগে৷
  • পথাৰখন ভালকৈ সমান কৰিলে পানী চাৰিওফালে বিয়পি যোৱাত সুবিধা হয় আৰু অপতৃণ নিয়ন্ত্ৰণ হয় যাৰফলত খেতিডৰা ভালদৰে ঠন ধৰি উঠে৷
  • ধান ৰোৱা বা সিঁচাৰ ১-২ দিন আগত পথাৰখন বোকা কৰি লব লাগে তেতিয়া বীজ সিঁচা বা ৰোৱাৰ সময়ত পথাৰৰ পানীখিনি পৰিষ্কাৰ হৈ উঠে৷
  • ৫-৬ টা পাতৰ কঠীয়া ৰোৱাৰ বাবে উপযুক্ত৷
  • কঠীয়াবোৰ ২০ ছেঃ মিঃ x ১৫ ছে:মিঃ [৮-১০x ৬ ইঞ্চি] দূৰত্বত ৰোপণ কৰিব লাগে৷
  • কঠীয়া ৪-৫ছেঃমিঃ গভীৰতাত পুতিব লাগে৷
  • প্ৰতি গোছাত ২ বা ৩ ডাল কঠীয়া থাকিলে ভাল৷

সাৰ প্ৰয়োগ :

সাৰ প্ৰয়োগৰ অনুমোদিত পৰিমান হ’ল , প্ৰতি হেক্টৰত ৬০-৩০-৩০-৫ [ নাইট্ৰ’জেন- ফচফ ৰাছ - পটাছিয়াম -জিংক ] ৷ ইউৰিয়া তলত দিয়া ধৰণে সমানে তিনিভাগ কৰি প্ৰয়োগ কৰিব লাগে৷ এভাগ মাটিত আৰু বাকী দুভাগ ধানৰ পোখা মেলা আৰু গেঁৰ ধৰাৰ আৰম্ভনিতে টপড্ৰেচিং কৰিব লাগে ৷

কেতিয়া প্ৰয়োগ কৰিব ? সাৰৰ নাম পৰিমাণ কেনেকৈ প্ৰয়োগ কৰিব ?
([কিঃগ্ৰাঃ প্ৰতি হেক্টৰ] [কিঃগ্ৰাঃ প্ৰতি হেক্টৰ]
ডিএপি দিলে এচএচ পি দিলে ডিএপি দিলে এচএচ পি দিলে
চাহ কৰাৰ সময়ত ইউৰিয়া ১৮ ৪৩ ২.৪ মাটিৰ লগত মিহলাই দিব লাগে
ডি এ পি ৬৫ - ৮.৭ -
এচ এচ পি - ১৮৭.৫ - ২৫.০
এম ও পি ৫০ ৫০ ৬.৭ ৬.৭
জিংক চালফেট ২৫ ২৫
পোখা মেলা সময়ত [ৰোৱাৰ ২০-২৫ দিন পিছত]প্ৰথম বাৰ নিৰণিৰ পিছত ইউৰিয়া ৪৩ ৪৩ টপ ড্ৰেচিং
গেঁৰ ধৰাৰ আৰম্ভণিৰ সময়ত [ৰোৱাৰ ৪০-৪৫ দিন পিছত] দ্বিতীয় বাৰ নিৰণিৰ পিছত ইউৰিয়া ৪৪ ৪৪ টপ ড্ৰেচিং

মনত ৰাখিবলগীয়া কথা

  • ধানত ‘বেক্টেৰিয়েল লিফ ব্লাইত ’ বেমাৰৰ লক্ষণ দেখিলে ইউৰিয়া প্ৰয়োগ কৰিব নালাগে৷
  • জিংক কম থকা থকা মাটিত প্ৰতি তিনিবছৰ মুৰত জিংক ছালফেট মাটিত প্ৰয়োগ কৰিব লাগে৷
  • সম্ভৱপৰ অৱস্থাত সাৰ দিয়াৰ আগতে পথাৰৰ বন্ধ পানীখিনি উলিয়াই দিব লাগে৷

অপতৃণ নিয়ন্ত্ৰণ :ধানৰ প্ৰাৰম্ভিক পযাৰ্য়ত অপতৃণ নিয়ন্ত্ৰণত গুৰুত্ব দিব লাগে কাৰণ এই সময়ত অপতৃণ বিলাকে বেছি প্ৰভাব পেলায়৷ অৱশ্য পিছৰ পৰ্যায়তো অপতৃণ নিয়ন্ত্ৰণত গুৰুত্ব দিব লাগে ৷ কঠীয়া ৰোৱাৰ ৩ সপ্তাহৰ পিছত প্ৰথম বাৰ আৰু ৬ সপ্তাহৰ পিছত দ্বিতীয়বাৰ পাৱাৰ উইদাৰ বা উইদাৰ বা কোৰেৰে নিৰণি কৰিব লাগে৷

অপতৃণনাশক প্ৰয়োগ

অপতৃণনাশকবোৰ ‘ফ্লেট ফেন নজ’ল’ থকা মাল্তি নজ’লেৰে প্ৰয়োগ কৰিব লাগে৷ প্ৰয়োগ কৰাৰ সময়ত অপতৃণনাশকবোৰৰ পথাৰত সমবিতৰন হবলৈ নতুনকৈ প্ৰয়োগ কৰা দৰবখিনিয়ে আগৰবাৰৰ আগুৰা ঠাই খিনিৰ ২৫ শতাংশ আগুৰিব লাগে৷

‘অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰা অপতৃণনাশক’ [ Pre emergence Herbicide) ঃ অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰা অপতৃণনাশক’ বোৰ প্ৰয়োগ কৰোঁতে মাটিখিনি ভিজি থাকিব লাগে৷ ভিজি নাথাকিলে অপতৃণনাশকবোৰ কাৰ্যক্ষম নহয়৷ কঠীয়া ৰোৱাৰ পিছত আৰু অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰিব লাগে৷ এই অপতৃণনাশক বোৰ ৰোৱাৰ ২-৩ দিন পিছত ৩-৪ ছেঃমিঃ পথাৰত পানী থকা অৱস্থাত প্ৰয়োগ কৰিব লাগে৷ অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰা অপতৃণনাশক বোৰ প্ৰয়োগ কৰাৰ পিছত এবাৰ হাতেৰে নিৰনীকৰণ কৰিলে সুফল পোৱা যায়৷

‘অপতৃণ গজাৰ পিছত প্ৰয়োগ কৰা অপতৃণ নাশক’ (Post emergence Herbicide) : ধান সিঁচা বা ৰোৱাৰ ১৫-২৫ দিন পিছত যেতিয়া অপতৃণৰ ৩-৪ টা পাত থাকে তেতিয়া প্ৰয়োগ কৰিব লাগে৷ সেই সময়ত পথাৰত বন্ধ পানী থাকিব নালাগে৷এক হেক্টৰ মাটিত প্ৰয়োগ কৰিবলৈ ৩০০ লিটাৰ স্প্ৰে দ্ৰৱৰ প্ৰয়োজন হয়৷

অপতৃণনাশক প্ৰয়োগ কৰাৰ সময়ত লবলগীয়া সাবধানীয়তা

  • প্ৰয়োগ কৰাৰ আগতে অপতৃণনাশকৰ বটলটোৰ লেবেলখন পঢ়ি চাই, ই কিমান বিষাক্ত আৰু প্ৰয়োগ কৰাৰ সময়ত লব লগা সাৱধানতাৰ বিষয়ে জানি লব লাগে৷
  • অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগ কৰা সময়ত সম্পূৰ্ণ শৰীৰ কাপোৰেৰে আৱৰি ৰখা উচিত৷ অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগ কৰা সময়ত মুখ কাপোৰ বা মুখাৰে বন্ধ কৰি ল’ব লাগে৷
  • ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগ কৰা সময়ত ব্যৱহাৰ কৰা কাপোৰ বোৰ সূকীয়াকৈ ধুবৰ ব্যৱস্থা কৰিব লাগে৷
প্ৰয়োজন সাপেক্ষে তলত দিয়া অপতৃণনাশক প্ৰয়োগ কৰিব লাগেঃ
অপতৃণনাশকৰ প্ৰকাৰ ৰাসায়নিক নাম পৰিমাণ (এ. আই প্ৰতি হেক্টৰ) অপতৃণৰ প্ৰকাৰ প্ৰয়োগ কৰা সময় প্ৰয়োগ কৰিবলগীয়া পৰিমাণ ( প্ৰতি হেক্টৰত গ্ৰাম বা মিঃলিঃ) প্ৰয়োগ কৰিবলগীয়া পৰিমাণ ( প্ৰতি বিঘাত গ্ৰাম বা মিঃলিঃ)
অপতৃণ গজাৰ আগত প্ৰেটিলাক্ল’ৰ ৫০%ইচি ৭৫০ সৰুপতীয়া বন সৰুপতীয়া বন ৰোৱাৰ ২-৩ দিন পিছত ১৫০০ মিঃলিঃ ২০০
পাইৰাযোছালফিউৰণ ১০ % ডবলিঅ পি ২৫ সৰুপতীয়া বন (মুঠা জাতীয়) কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২-৩ দিন পিছত ১৮৭.৫ মিঃলিঃ ২৫
অক্সাদাইৰগিল ৮০ % ডবলিঅ পি - সৰুপতীয়া বন কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২-৩ দিন পিছত ১২৫ গ্ৰাম 17
অপতৃণ গজাৰ পিছত বিছপাইৰিবেক ছডিয়াম ১০ % ই চি ২৫ সৰুপতীয়া বন (মুঠা জাতীয়) কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২০-২৫ দিন পিছত ২৫০ গ্ৰাম ৩৩
ক্লৰিমিউৰণ ইথাইল ১০ % ডবলিঅ পি লগতে মিথাইল ১০% গ্ৰাম/হেক্টৰ (এলমিক্স ২০ % ডবলিঅ পি ) ২৫ বহলপতীয়া বন কিছুসংখ্যক মুঠা জাতীয় বন ৰোৱাৰ ২০-২৫ দিন পিছত ২০ গ্ৰাম 2৩
পাইৰাযোছালফিউৰণ ১০ % ডবলিঅ পি ২৫ সৰুপতীয়া বন (মুঠা জাতীয়) কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২০-২৫ দিন পিছত ২৫০ গ্ৰাম ৩৩

তলত দিয়া অপতৃণনাশক সমূহ অপতৃণনাশকৰ ভিন্নতা অনুযায়ী ক্ৰম অনুসৰিপ্ৰয়োজন সাপেক্ষে প্ৰয়োগ কৰিব পাৰি

  • প্ৰেটিলাক্ল’ৰ প্ৰয়োগ কৰাৰ পিছত বিছপাইৰিবেক ছডিয়াম প্ৰয়োগ কৰিব পাৰি৷
  • প্ৰেটিলাক্ল’ৰ প্ৰয়োগ কৰাৰ পিছত বিছপাইৰিবেক ছডিয়াম লগতে পাইৰাযোছালফিউৰণ প্ৰয়োগ কৰিব পাৰি৷
  • প্ৰেটিলাক্ল’ৰ প্ৰয়োগ কৰাৰ পিছত বিছপাইৰিবেক-ছডিয়াম লগতে পাইৰাযোছালফিউৰণ প্ৰয়োগ কৰি তাৰ পিছত হাতেৰে নিৰণি কৰিব লাগে ।

জলসিঞ্চন : বৰো খেতিৰ বতৰত বৰষুণ নহলে পথাৰত পানী শুকোৱাৰ ৩ দিন পিছত ৫ ছেঃমিঃ জোখত পানী দিব লাগে ৷ জলসিঞ্চনৰ বাবে বৰো খেতিৰ বতৰত পুনঃপৌনিক সিক্ত আৰু শুস্ক পদ্ধতি ব্যৱহাৰ কৰিব লাগে৷

শস্য ৰক্ষা :অসমৰ বাবে থকা শস্য ৰক্ষাৰ অনুমোদন অনুসৰি শস্যৰক্ষাৰ বিভিন্ন ব্যৱস্থা গ্ৰহন কৰিব লাগে৷

ধান চপোৱা

  • পথাৰত ৮০-৮৫ শতাংশ ধান গুটি খেৰ বৰণীয়া হলে ধান চপাব লাগে৷
  • চপোৱা ধানবোৰ পথাৰত বেছি সময়ৰ কাৰণে ৰাখিব নালাগে আৰু পথাৰত শুকুৱাব নালাগে৷ ধানৰ থোকবোৰ শুকানকৈ ৰাখিব লাগে৷
  • ধান চপোৱাৰ দুদিনৰ ভিতৰত মৰণা মাৰি শুকুৱাব লাগে৷ যান্ত্ৰিক ভাবে শুকুৱাৰ ব্যৱস্থা নাথাকিলে এখন প্লাষ্টিক বা মেটত ৩-৪ ছেঃ মিঃ ডাঠ কৈ ধানখিনি ৰ’দত শুকুৱাব লাগে৷
  • ধানবোৰ ভালদৰে পৰিষ্কাৰ কৰাৰ পিছত শীতল, শুকান আৰু পৰিষ্কাৰ ঠাইত সংৰক্ষণ কৰিব লাগে৷