শস্য কেফেতেৰিয়া

শস্য কেফেতেৰিয়াত পৰম্পৰাগত ভাবে ৰোৱা বিভিন্ন ধানৰ জাত, চাপ সহনশীল ধানৰ জাত, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত মুকলি কৰা বিভিন্ন জাত, ব্যক্তিগত খণ্ডৰ দ্বাৰা মুকলি কৰা বিভিন্ন জাত আৰু বিশেষ গুণ সম্পন্ন ধানৰ জাত সমুহ একেলগে একেখন পথাৰত ৰোপন কৰা হ্য় ।

উদ্দেশ্যঃ

  • চাপ সহনশীল আৰু বিশেষ গুণ সম্পন্ন ধানৰ জাত সমুহ কৃষকৰ মাজলৈ লৈ যোৱা
  • বিভিন্ন ডিলাৰ,ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান, খুচুৰা বিক্ৰেতা, কৃষক উৎপাদক স্ংস্থা, সম্পসাৰণ কৰ্মীক এই জাত সমুহৰ মূল্যায়্ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৱা ।
  • বীজ প্ৰক্ৰিয়াৰ প্ৰধান অংশগ্ৰহণকাৰী সকলৰ মাজত সম্পৰ্ক স্থাপন কৰা ।
  • চাপ সহনশীল আৰু বিশেষ গুণ সম্পন্ন ধানৰ জাত সমুহৰ বিষয়ে গনসজাগতা বৃদ্ধি কৰা ।
  • ৰাজ্যৰ কৃষিখণ্ড উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্য বীজ আৰু জাত সলনি কৰা হাৰ বৃদ্ধি কৰা ।
  • বিভিন্ন ধানৰ জাতৰ চাহিদা বৃদ্ধি কৰা ।

কাৰ্য প্ৰণালীঃ

শস্য কেফেতেৰিয়াৰ বাবে নিৰ্দ্দিষ্ট ঠাই বাচনি কৰা

  • সাধাৰণতে সকলোৰে বাবে সহজে উপলব্ধ আৰু পৰিচিত ঠাই এটুকুৰা বাচনি কৰিব লাগে । চৰকাৰী খণ্ডৰ ফাৰ্ম বা কৃষি বিজ্ঞান কেন্দ্ৰ এনে ঠাই হব পাৰে ।
  • যাতায়তৰ সুব্যৱস্থা থকা ঠাই হব লাগে ।
  • পথাৰৰ মাটি সমান হব লাগে আৰু চাব লাগে যাতে এটি এলেকাৰ মাটিৰ গুণাগুণ বাচনি কৰা ঠা্ই টুকুৰাই প্ৰতিনিধিত্ব কৰে ।

জাত বাচনিঃ

এটি এলেকাৰ কাৰণে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা জাত সমুহ ৰোপন কৰা হয় ।সাধাৰণতে ২৪ টা জাত ৩ টাকৈ প্লটত ৰোপন কৰা হয় ।

ব্যৱ্স্থাপনাঃ

মন কৰিব লাগে যাতে সকলো ধানৰ জাত একে সময়তে ফুলে । যাৰবাবে ধানৰ বীজবোৰ ছটিওৱাৰ সময়্ত কৃষিকালৰ ওপৰত নিৰ্ভৰ কৰি ঠিক কৰিব লাগে । দীৰ্ঘ কৃষিকালৰ জাত এটি কম কৃষিকালৰ জাত এটিৰ আগতে সিচাঁ হয় । বীজৰোপন কৰাৰ সময় অনুযায়ী উন্নত কৃষি পদ্ধতি অৱলম্ব্ন কৰিব লাগে ।

প্ল্ট সমুহত টেগ লগোৱা ব্যৱ্স্থা কৰিব লাগে যাতে দৰ্শনাৰ্থী সকলে অতি সহজতে জাতটোৰ বৈশিষ্ট্য সমুহ বুজি পায় ।

পৰিদৰ্শণ আৰু পৰ্য্যবেক্ষণঃ নম্বৰ দিব পৰা কাৰ্ড একোখন প্ৰতিজন দৰ্শনাৰ্থীক দিয়া হয় যাতে জাতটোৰ বিভিন্ন বৈশিষ্ট সমুহ পৰ্য্যবেক্ষণ কৰি তেওঁলোকৰ পছ্ন্দ অনুযায়ী তুলনামুলক ভাবে গ্ৰেডিং কৰিব পাৰে ।

ধান এক্সপ’ অনুষ্ঠিত কৰাঃ ধানৰ জাত সমুহ ধান চপোৱাৰ সময় কাষ চ্পাৰ সময়্ত বীজ উৎপাদন বা সৰবৰাহ বা অন্য কাৰ্য্যৰ লগত জড়িত ব্যক্তিক ( প্ৰায় ৩০ জন) আমন্ত্ৰণ জনোৱা হয় । তেওঁলোকক বিশদভাবে বুজোৱাৰ পিছত কেফেতেৰিয়া খন দৰ্শণ কৰি বিভিন্ন জাতৰ বিপৰীতে নম্বৰ দিবলৈ কোৱা হয় ।শেষত আটাইখিনি স্ক’ৰ একগোট কৰি একাদিক্ৰমে লিখা হ্য় । এই তালিকা খন কৃষি বিভাগৰ লগত আলোচনা কৰি আটাইত্কৈ বেছি নম্বৰ পোৱা জাতটি খেতিৰ বাবে ব্যৱ্স্থা গ্ৰহণ কৰা হয় ।