শস্যপঞ্জী

শস্যপঞ্জী হৈছে মাটি চন পেলাই থোৱাৰ পৰা মাটি চহ কৰা, শস্য ঠন ধৰি উঠা, শস্য চপোৱা তথা সংৰক্ষণ কৰালৈকে সম্পূৰ্ণ কাৰ্যাৱলী সন্নিবিষ্ট এখন তালিকা৷ ধানখেতিৰ কৃষি কালছোৱাৰ বিভিন্ন কাৰ্যৰ এখনি ছবি শস্যপঞ্জীয়ে প্ৰদান কৰে৷ এনে পঞ্জী ব্যৱহাৰৰ জৰিয়তে কৃষি কাৰ্যসমুহ নিৰ্দিষ্ট সময়ত সম্পন্ন কৰাৰ লগতে সময়মতে বনুৱা, বীজ, সাৰ আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ যোগান সম্ভৱপৰ হয়৷ সুপৰিকল্পনাই উৎপাদন ব্যয় কমোৱাৰ লগতে উচ্চ উৎপাদন নিশ্চিত কৰিব পাৰে৷

শস্যপঞ্জী এখন কেনেকৈ প্ৰস্তুত কৰিব ?

  • ধানৰ উপযুক্ত ৰোপণসময় নিৰ্ধাৰণ কৰি লওক৷ এই তথ্য স্থানীয় অভিজ্ঞ ব্যক্তি, কৃষিক্ষেত্ৰত নিয়োজিত পৰামৰ্শদাতা আৰু প্ৰগতিশীল কৃষকৰ পৰা আহৰণ কৰিব পাৰি৷
  • ধান ৰোৱা বা পোনপটীয়াকৈ মুল পথাৰত সিচাঁৰ পৰা চপোৱালৈকে ধানৰ জাতটোৰ কৃষিকাল নিশ্চিত কৰক৷ কম কৃষিকালৰ জাতবোৰ ১২০ তকৈ কম দিনৰ হয়, মধ্যমীয়া কৃষিকালৰ জাতবোৰ ১২০-১৪০ দিনীয়া আৰু দীৰ্ঘ কৃষিকালৰ জাতবোৰ ১৪০ দিনতকৈ বেছিদিনীয়া হয়৷
  • প্ৰায়বোৰ ধানৰ জাতক গেঁৰ ধৰাৰ পৰা শস্য চপোৱালৈকে ৫০-৫৫ দিনৰ প্ৰয়োজন হয়৷
  • ৰোপণ বা সিচাঁৰ সময়, হালবোৱা, নিৰণিকৰণ, সাৰ প্ৰয়োগ কৰা, শস্য চপোৱা, মৰণা মৰা আদি কৃষিকাৰ্যসমূহ সম্পন্ন কৰিবলগীয়া তাৰিখবোৰ পঞ্জীখনত দাগ দি থ’ব লাগে৷
  • এই পঞ্জীখনে যাতে প্ৰতিটো কৃষিকাৰ্য সমাপন কৰিবৰ বাবে সময়মতে মনত পেলাই দিব পাৰে তাৰ বাবে সহজতে দৃষ্টিগোচৰ হোৱাকৈ আঁৰি থ’ব লাগে৷