প্ৰয়োজনীয় য্ন্ত্ৰ

মুল্য সংযোজন যন্ত্ৰ
ইনদেন্ড চিলিন্দাৰ চেপাৰেতৰভঙা চাউলবোৰ পৃথক কৰা হৈছে ইয়াৰ কাম ৷ ...
অধিক পঢ়কমুল্য সংযোজন যন্ত্ৰ

ইনদেন্ড চিলিন্দাৰ চেপাৰেতৰ
ভঙা চাউলবোৰ পৃথক কৰা হৈছে ইয়াৰ কাম ৷ মিল [ ১৫-২৫ হৰ্চ পাৱাৰ বা তাতোধিক] ৰ দ্বাৰা চালিত । মুল্যঃ ২৫০,০০০ -৩,০০,০০০ টকা
সুবিধা
- চাউলৰ মলৰ তৰপটো আঁতৰাই পলিচ কৰে৷
- ভঙা চাউলবোৰ পৃথক কৰে ৷
- চাউলৰ বাণিজ্যিক মূল্য বৃদ্ধিত সহায় কৰে৷

পিঠাগুৰি প্ৰস্তুত কৰা মেচিন
- মুল্য : ৮০,০০০ -১,৫০,০০০ টকা
- মিল [ ১৫-২০ হৰ্চ পাৱাৰ বা তাতোধিক]ৰ দ্বাৰা চালিত
- চাউলৰ পৰা পিঠাগুৰি প্ৰস্তুত কৰিবলৈ ব্যবহাৰ কৰা হয়৷
সুবিধাঃ ভঙা চাউলৰ পৰা পিঠা গুৰি প্ৰস্তুত কৰা হয়৷ মহিলা আত্মসহায়ক গোট সমূহে পিঠাগুৰিৰ ব্যৱসায় কৰিব পাৰে ৷
চিৰা প্ৰস্তুত কৰা মেচিন

- মিল [ ২০-২৫ হৰ্চ পাৱাৰ বা তাতোধিক] ৰ দ্বাৰা চালিত
- মুল্য : ৫,০০,০০০ টকা
মুৰি প্ৰস্তুত কৰা মেচিন

- মুল্য : ২,৫০,০০০ টকা

চুপাৰ বেগ কি?
অক্সিজেন আৰু জলীয় বাস্পবিহীন ভাবে শস্য সংৰক্ষণৰ ...
অধিক পঢ়কচুপাৰ বেগ কি?

অক্সিজেন আৰু জলীয় বাস্পবিহীন ভাবে শস্য সংৰক্ষণৰ সুবিধা থকা চুপাৰ বেগ কৃষকে সহজে ব্যৱহাৰ কৰিব পৰা এটা থৈলা বা মোনা য’ত ধান, মাহ সংৰক্ষণ অধিক দিনলৈ কৰিব পাৰি ৷ মৰাপাট বা অন্য পলিথিনৰ থৈলাত চুপাৰ বেগতো ভৰাই দিয়া হয় ৷
সুবিধা সমূহ
- বীজৰ অংকুৰণ ক্ষমতা ৬ -১২ মাহলৈ বৃদ্ধি কৰে ৷
- ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি৷
- মিলিং ৰ সময়ত তুলনামূলকভাৱে চাউল বেছিকৈ [প্ৰায় ১০ শতাংশ বেছি] পোৱা যায় ৷
চুপাৰ বেগৰ কাৰ্য্য প্ৰণালী
অক্সিজেন আৰু জলীয় বাস্প যিহেতু চুপাৰ বেগৰ ভিতৰলৈ সোমাব নোৱাৰে, বেগৰ ভিতৰত থকা অক্সিজেন খিনি ভিতৰত থকা বীজ আৰু পোক-পতংগই শ্বাস-প্ৰশাসৰ বাবে ব্যৱহাৰ কৰাৰ ফলত ¸অক্সিজেনৰ পৰিমাণ ২১ ৰ পৰা ৫ শতাংশলৈ কমি আহে৷ ইয়াৰফলত¸ বেগৰ ভিতৰত থকা পোক - পতংগ কোনো ঔষধ ব্যৱহাৰ নকৰাকৈ বেগটো বন্ধ কৰাৰ ১০ দিনৰ ভিতৰত মৰি যায় ৷ খুউব বেছিতে এক কিঃগ্ৰাঃ বীজ বা শস্যত এটাকৈ পোক-পতংগ থকা দেখা যায় ৷ বাকী বিলাক পোক- পতংগ মৰি যায়৷ চুপাৰ বেগত যিহেতু আদ্ৰৰ্তা নিয়ন্ত্ৰিত অৱস্থাত থাকে সেয়ে ধান বা বীজ এবাৰ ভিজোৱা বা এবাৰ শুকোৱাৰ সম্ভৱনা নাথাকেþ ফলত ধানবোৰ ফাটি নাযায় ৷ ইয়াৰ বাবে মিলিংৰ সময়ত চাউলৰ পৰিমাণ অধিক পোৱা যায় ৷
চুপাৰ বেগ কেনেকৈ ব্যৱহাৰ কৰিব ?
বৰ্তমান ৫০ কিঃগ্ৰাঃ বীজ বা শস্য ৰাখিব পৰা চুপাৰ বেগ উপলব্ধ ৷ তলৰ ব্যৱহাৰৰ বাবে ছয়টা খেপ উল্লেখ কৰা হ’ল
- শস্য বা বীজ পৰ্যাপ্তভাৱে শুকুৱাব লাগিব ৷ ধান ১৪ শতাংশ আৰn বীজ ১২ শতাংশ পয্যৰ্ন্ত শুকুৱাব লাগে৷
- চুপাৰ বেগটো মৰাপাটৰ বা ৰেজিনৰ বস্তাত [ যিবোৰত সাধাৰণতে বীজ বা শস্য সংৰক্ষণ কৰা হয় ] সুমুৱাই দিব লাগে৷
- চুপাৰ বেগটোত শুকান বীজ বা শস্য ভৰাই দিব লাগে ৷
- বেগটোৰ ভিতৰৰ বায়ুখিনি উলিয়াই দিব লাগে আৰু খালি অংশটো ওপৰত পকাই কটকটীয়াকৈ বান্ধি দিব লাগে৷
- বান্ধিবৰ বাবে টান ৰাবাৰ বেণ্ড, মৰাপাটৰ ৰছী বা আঠাযুক্ত টেপ ব্যৱহাৰ কৰিব পাৰি৷
- বাহিৰৰ বস্তাটো ভালদৰে বান্ধি দিব লাগে৷ চুপাৰ বেগটো যাতে ফুটা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ৷
মনত ৰাখিব লগীয়া কথা
- বেগটোৰ সামথ্যৰ্ অনুযায়ী ধান বা বীজ ভৰাব লাগে ৷
- বেগটো নুফুটাব ৷
- চুপাৰ বেগটোত বেছি জোৰ দিব নালাগে৷ বাহিৰৰ বস্তা বা প্লাষ্টিকটোত ধৰি ইফাল সিফাল কৰিব লাগে৷
- চুপাৰ বেগটো সময়ে সময়ে নোখোলাকৈ চাই থাকিব লাগে৷ যদিহে বেগৰ ভিতৰত কীট-পতংগ দেখা যায় তেন্তে বান্ধটো এবাৰ পৰীক্ষা কৰিব লাগে৷

ধান কটা যন্ত্ৰ বা ৰিপাৰ
ৰিপাৰ চলাবলৈ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰৰ প্ৰয়োজন নহয় ৷ ...
অধিক পঢ়কধান কটা যন্ত্ৰ বা ৰিপাৰ

- ৰিপাৰ চলাবলৈ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰৰ প্ৰয়োজন নহয় ৷
- ধান কটাৰ সময়ত খেৰ বোৰ নষ্ট নহয়৷
- সঠিক সময়ত ধান চপোৱাৰ বাবে ধানৰ লোকচান কম হয়
- সময় ৰাহি হয় ৷
- শ্ৰমিকৰ বাবে হোৱা খৰছ ৰাহি হয় ৷
- মুল্য ১,৫০,০০০ টকা
- প্ৰতি হেক্টৰ মাটিৰ ধান কাটিবলৈ ৩.৫ ঘন্টাৰ প্ৰয়োজন হয়৷

পৰ্তেবল ৰাইচ মিল
ইয়াৰ জৰিয়তে কৃষকসকলে ধান নষ্ট নোহোৱাকৈ কুটাব আৰু ...
অধিক পঢ়কপৰ্তেবল ৰাইচ মিল

মুল্য ঃ ৩,০০,০০০ - ৩,৫০,০০০ টকা
ক্ষমতাঃ
- এক ঘণ্টাত ১ টন ধান কুটাব পাৰে
- মিল [ ৪২ হৰ্চ পাৱাৰ বা তাতোধিক] ৰ দ্বাৰা চালিত
- মিল চলাবলৈ প্ৰতি ঘণ্টাত ৩ লিটাৰ ডিজেলৰ প্ৰয়োজন হয
সুবিধাঃ
- ইয়াৰ জৰিয়তে কৃষকসকলে ধান নষ্ট নোহোৱাকৈ কুটাব আৰু পৰিস্কাৰ কৰিব পাৰে ৷
- মুগা চাউল এই ধানবনা প্ৰক্ৰিয়াৰে কুটাব পাৰি৷
- সহজতে চলাব পাৰি ৷

যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ
যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰিবলৈ মেট টাইপ ...
অধিক পঢ়কযান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ

দলিচা কঠীয়াতলী প্ৰস্তুত কৰা পদ্ধতি
মেট টাইপ নাৰ্চাৰী বা দলিচা কঠীয়াতলী কি যান্ত্ৰিক পদ্ধতিৰে ধান ৰো¸পণ কৰিবলৈ মেট টাইপ নাৰ্চাৰী বা দলিচা কঠীয়াতলীৰ কঠীয়া ব্যৱহাৰ কৰিব লাগে৷ এনে কঠীয়াতলীৰ কঠীয়া ১৫-২০ দিনৰ ভিতৰত ৰোপণ কৰিব পৰা হয় ৷ দলিচা কঠীয়াতলী বোকা আৰু শুকান দুই ধৰণেৰে প্ৰস্তুত কৰিব পাৰি৷
বীজৰ গুণাগুণ আৰু শোধন
ধানখেতিৰ বাবে সুবীজ ব্যৱহাৰ কৰিব লাগে৷ সুবীজ বোৰৰ তলত উল্লিখিত গুণবোৰ থাকে
- পৰিষ্কাৰ: বীজৰ মাজত শিল, বালি অথবা অপতৃণৰ বীজ নাথাকে৷
- বিশুদ্ধ: বংশগত ভাবে মিল থকা এটা জাতৰ বীজহে বস্তা বা মোনাত থাকে৷
- সুস্থ: বীজবোৰ পৰিপূৰ্ণ, একৰঙী আৰু ফাঁট বা দাগ নাথাকে৷
বীজ বাচনি
বীজবোৰ পানীত তিঁয়াই ভালদৰে মিহলি দিয়া হয়৷ ওপঙি থকা পতানবোৰ আঁতৰাই দিব লাগে আৰু পাত্ৰৰ তলত পৰাখিনি বীজ হিচাপে লব লাগে৷
বীজ শোধন
বীজ শোধনৰ জৰিয়তে ডেম্পিং অফ, শুকাই যোৱা [ উইল্ট আৰু শিপা পচা [ ৰুত ৰ’ত] বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ বীজ বাচনি কৰাৰ পিছত প্ৰতি কিঃ গ্ৰাঃ বীজ ২.০ গ্ৰাম ক্ল’ৰথেলনিল বা কাৰ্ব্স্কিন ১ লিটাৰ পানীৰ লগত মিহলি কৰি ১২ ঘণ্টাৰ কাৰণে ডুবাই ৰাখিব লাগে৷ তাৰ পাছত ৪৮-৭২ ঘন্টা গাপ দি থ’ব লাগে৷
সাৱধানতা
প্লাষ্টিক হাতমোজা পিন্ধিহে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে৷
বোকা পদ্ধতিত দলিচা কঠীয়াতলী প্ৰস্তুতি
প্ৰয়োজনীয় সামগ্ৰী ঃ শোধন কৰা অংকুৰিত বীজ, পলিথিন, কাঠ বা লোহাৰ ফ্ৰেম, পানী দিয়া জিঞ্জিৰি, চোকা চুৰি এখন ৷
প্ৰক্ৰিয়া
- কঠীয়াতলী প্ৰস্তুত কৰাৰ আগতে হালবাই মাটিখিনি চহাই, মৈয়াই সমান কৰিব লাগে ৷ বোকা কৰাৰ পিছত ২৪ ঘন্টা ৰব লাগে ৷
- এক হেক্টৰ মাটিত ৰোৱাৰ বাবে ১.০ মিটাৰ বহল, ৫০ মিটাৰ দীঘল আৰু ১৫ ছেঃ মিঃ ওখ ভেটি তৈয়াৰ কৰিব লাগে ৷ মিহি কাঠ এডালৰ সহায়ত ভেটিতো সমান কৰি দিব লাগে ৷ ভেটি তৈয়াৰ কৰাৰ পিছত আৰু ৩৬-৪৮ ঘন্টা মাটিখিনি সুস্থিৰ হবলৈ ৰৈ দিব লাগে৷¸ তাৰ পিছত মিহি কাঠ এদালেৰে ভেটিতো সমান কৰি দিব লাগে ৷ দূটা ভেটিৰ মাজত ৬০ ছেঃ মিঃ নলা থাকিব লাগে৷
- ১.০ মিটাৰ বহল আৰু ৫০ মিটাৰ পলিথিনখন ৮-১০ টা ভাঁজ কৰি লৈ বেজীৰে সৰু সৰু ফুটা কৰিব লাগে ৷ ফুটা কৰাৰ পিছত ভেটিতোত পলিথিন খন পাৰি দিব লাগে আৰু ভিতৰৰ বায়ু খিনি আঁতৰাব লাগে৷
- পলিথিন খনৰ ওপৰত ১.২ মিটাৰ বহল, ১.২ মিটাৰ দীঘল আৰু ১.২৫ ছেঃ মিঃ ডাঠ লোহাৰ ফ্ৰেমটো পাৰি দিব লাগে৷
- এতিয়া পলিথিন খনৰ ওপৰত মাটি আৰু পচন সাৰ [৪ ভাগ মাটি আৰু ১ ভাগ পচন সাৰ] মিহলাই থপথপীয়াকৈ বোকা কৰি লেপি দিব লাগে৷
- মন কৰিব লাগে যাতে বোকা খিনিত কোনো ধৰণৰ শিল, চপৰা আদি নাথাকে ৷
- পলিথিনৰ ওপৰত লেপটো বীজখিনি সমানকৈ সিঁচি দিব লাগে৷ লোহাৰ ফ্ৰেমটোৰ সহায়ত সমানকৈ লেপটো দিব পাৰি ৷
- প্ৰতি হেক্টৰ মাটিৰ বাবে ৪০ কিঃগ্ৰাঃ বীজৰ প্ৰয়োজন হয় ৷ বীজ খিনি সমানকৈ সিঁচি দিব লাগে ৷
- বীজ সিঁচাৰ পিছত ভেটিতো ২-৩ দিন ধানখেৰ বা কলপাতেৰে ঢাকি থ’ব লাগে৷
- গজালি ওলোৱা পৰ্যন্ত প্ৰথম ২-৩ দিন জিঞ্জিৰিৰে পানী ছটিয়াব লাগে৷
- পাছত দুটা ভেটিৰ মাজৰ নলাত পানী দি কঠীয়াতলীখন জীপাল কৰি ৰাখিব লাগে৷
- মূল পথাৰত ৰোৱাৰ বাবে ১৫-২০ দিনত কঠীয়া প্ৰস্তুত হয়৷
- কঠীয়া ১৫-১৮ ছেঃ মিঃ ওখ হ’লে ৰোৱাৰ বাবে উপযোগী হয়৷
শুকান পদ্ধতিত দলিচা কঠীয়াতলী প্ৰস্তুতি
প্ৰয়োজনীয় সামগ্ৰীঃ শোধন কৰা অংকুৰিত বীজ, পলিথিন, কাঠ বা লোহাৰ ফ্ৰেম, পানী দিয়া জিঞ্জিৰি, কাচিঁ বা চোকা চুৰি এখন
প্ৰক্ৰিয়া
মাটি আৰু পচন সাৰৰ মিশ্ৰণ তৈয়াৰ ঃ
- কঠীয়াতলী প্ৰস্তুত কৰাৰ আগতে হালবাই মাটিখিনি চহাই লব লাগে ৷ বোকা কৰাৰ প্ৰয়োজন নাই৷
- কঠীয়াতলীৰ ভেটি আৰু পলিথিনৰ জোখ বোকা পদ্ধতিৰ সৈতে একে ধৰণৰ
- পলিথিন খন ভাঁজ কৰি লৈ সৰু সৰু ফুটা কৰি ভেটিটোত পাৰি দিব লাগে৷
- পলিথিন খনৰ ওপৰত ১.২ মিটাৰ বহল ১.২ মিটাৰ দীঘল আৰু ১.৯০ ছেঃ মিঃ ডাঠ লোহাৰ ফ্ৰেম এটা পাৰি দিব লাগে৷
- শুকান মাটি আৰু পচন সাৰ ৪:১ অনুপাতত মিহলি কৰি ছিদ্ৰযুক্ত পলিথিন খনত ঢালি দিব লাগে৷
- দুটা ভেটিৰ মাজত ৬০ছেঃ মিঃ বহল নলা থাকিব লাগে৷
- বাকী সকলো প্ৰক্ৰিয়া বোকা পদ্ধতিৰ দৰে একেই৷
জলসিঞ্চন আৰু সাৰ ব্যৱস্থাপনা
বীজ সিচাঁৰ পৰা চাৰি দিন পৰ্যন্ত ভেটিকেইটাত পানী ছটিয়াই থাকিব লাগে যাতে ভেটিৰ মাটিখিনিত জীপ থাকে৷ চাৰি দিন পিছত শিপা বিলাক ভালকৈ খামুচি ধৰাৰ পিছত ঢাকোন কেইখন আতঁৰাই দিয়া হয় ৷ এতিয়া ভেটিতোৰ নলা বিলাকত ভেটিতোৰ সমানকৈ পানী দিব লাগে ৷ পানী জোৰকৈ বৈ যোৱাকৈ পানী দিব নালাগে নহ’লে ভেটিতোৰ খহনীয়া হ’ব পাৰে ৷ কঠীয়াবোৰৰ উপযুক্ত বৃদ্ধিৰ বাবে প্ৰতি ৭৫ বৰ্গমিটাৰ ভেটিত নাইট্ৰজেন, ফচফৰাছ আৰু পটাছিয়াম [ ১৫ ঃ ১৫ ঃ১৫] মিশ্ৰণ ২৫০ গ্ৰাম হিচাপত প্ৰয়োগ কৰিব লাগে ৷
কঠীয়াৰ মেট বিলাক টুকুৰা কৰা
শালি ধানৰ বতৰত ১৫-২০ দিনত কঠীয়া ৰুবলৈ উপযুক্ত হয় আৰু বৰো আৰু আগতীয়া আহুৰ বতৰত ২০-২৫ দিনত কঠীয়া ৰুবলৈ উপযুক্ত হয় ৷এই সময়ত কঠীয়াবোৰ ১৫-১৮ ছে মিঃ ওখ হয় ৷ মেট নাচাৰ্ৰীৰ কঠীয়া ৰোৱাৰ ২০ ঘন্টা আগতে পানী দিয়া বন্ধ কৰিব লাগে ৷ এতিয়া মেট নাচাৰ্ৰীখন ৰোৱনীযন্ত্ৰৰ জোখ অনুযায়ী চোকা চুৰি বা কাঁচিৰে টুকুৰা কৰিব লাগে ৷
ৰোৱনীযন্ত্ৰ বা ট্ৰে্ন্সপ্লেন্টাৰ
ৰোৱনীযন্ত্ৰৰ জৰিয়তে মেট টাইপ নাৰ্চাৰী বা দলিচা কঠীয়াতলীৰ কঠীয়া মূল পথাৰত ৰোৱা পদ্ধতিকে যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ বুলি কোৱা হয ।
যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণৰ লাভালাভ সমূহ
- ৰোৱনীৰ প্ৰয়োজন কম হয়৷ যান্ত্ৰিক পদ্ধতিৰে চাৰিজন মানুহে এদিনত বাৰ বিঘা পৰ্যন্ত ধান ৰুব পাৰে৷
- কঠীয়াতলীৰ পৰা উঠাই আনোতে কঠীয়াবোৰে কম কষ্ট পায়, পথাৰত কঠীয়াৰ বৃদ্ধি খৰটকীয়া আৰু সমভাৱে হয় ।
- শাৰী শাৰীকৈ ৰোৱাৰ বাবে যান্ত্ৰিক প্ৰক্ৰিয়াৰে বন-বাত নিয়ন্ত্ৰণ কৰাত সুবিধা হয়৷
- গ্ৰামাঞ্চলৰ যুৱক আৰু মহিলা সকলৰ বাবে স্বনিৰ্ভৰশীল হোৱাৰ পথ মুকলি কৰে৷
ৰোৱনীযন্ত্ৰ বা ট্ৰেন্সপ্লেন্টাৰৰ বিশয়েঃ
- মূল্য ঃ ২,৪০,০০০ -২,৪৮,০০০ [ পিছফালে খোজ দি যোৱা খন]
- ক্ষমতাঃ প্ৰতি হেক্টৰৰ বাবে ৬ ঘন্টা প্ৰয়োজন হয়
- পেট্ৰল বা ডিজেল ইঞ্জিনৰ দ্বাৰা চালিত
- কম খৰচী পদ্ধতি
- ৰোৱণীৰ প্ৰয়োজন নাথাকে৷

ট্ৰেক্টৰ ব্যৱহাৰ কৰা সময়ত নিয়মবোৰ
পথাৰলৈ যোৱাৰ আগতে ট্ৰেক্টৰখন আৰু সৰঞ্জাম সমূহ ভালকৈ ...
অধিক পঢ়কট্ৰেক্টৰ ব্যৱহাৰ কৰা সময়ত নিয়মবোৰ


ট্ৰেক্টৰ ব্যৱহাৰ কৰা সময়ত তলৰ নিয়মবোৰ মানি চলিব লাগে:
- পথাৰলৈ যোৱাৰ আগতে ট্ৰেক্টৰখন আৰু সৰঞ্জাম সমূহ ভালকৈ পৰীক্ষা কৰি ল’ব লাগে৷
- পথাৰলৈ যোৱা পথত পিছৰ চকাৰ ব্ৰেক বা গতি নিয়ন্ত্ৰক ডাল বন্ধ কৰি থ’ব লাগে৷
- পথাৰখন হাল বাবলৈ উপযোগী হৈছেনে নাই ভালকৈ নিৰীক্ষণ কৰি ল’ব লাগে৷
- পথাৰত কাম কৰি থকা সময়ত ট্ৰেক্টৰখন সহজে ঘূৰাবৰ বাবে ‘ব্ৰেক-পেডেল’ মুক্ত অৱস্থাত ৰাখিব লাগে৷
- চলন্ত অৱস্থাত গিয়েৰ সলনি কৰিব নালাগে ৷
- ‘পি টি অ’ চাফট’ ডাল ঢাকি ৰখাৰ ব্যৱস্থা কৰিব৷ যিহেতু মুক্ত ‘পি টি অ’ চাফট’ দুৰ্ঘটনাৰ প্ৰধান কাৰক হ’ব পাৰে৷
- ৪ হুইল ড্ৰাইভ’ ট্ৰেক্টৰৰে পথাৰত কাম কৰোঁতে ‘ফ্ৰণ্ট ড্ৰাইভ’ টো ব্যৱহাৰ কৰিব লাগে৷ ৰাজপথত চলাওঁতে সন্মুখৰ চকাযোৰ মুক্ত অৱস্থাত ৰাখিব নালাগে৷ নহ’লে গিয়েৰৰ বিজুটি ঘটিব পাৰে৷
- প্ৰয়োজন সাপেক্ষে শুদ্ধ গিয়েৰ বাচনি কৰিব৷ পথাৰৰ বেছিভাগ কামতে গতিবেগ প্ৰতিঘণ্টাত ৫-৮ কি:মিঃ হলে ভাল ৷ বোকা মাটিত তলৰ গিয়েৰ ব্যৱহাৰ কৰিব লাগে৷
- পথাৰত কাম কৰোঁতে ‘হাত গতি নিয়ন্ত্ৰক ’ ব্যৱহাৰ কৰিব৷ পৰিবহনৰ ক্ষেত্ৰতহে ‘ভৰি গতি নিয়ন্ত্ৰক’ ব্যৱহাৰ কৰিব৷
- ট্ৰেক্টৰখনে প্ৰয়োজনীয় গভীৰতালৈ মাটি চহ কৰি থকা সময়ত ট্ৰেক্টৰখনৰ ইঞ্জিনটোৱে যদি ‘আৰ পি এম’ ৰাখিবলৈ অক্ষম হয় তেতিয়া তলৰ গিয়েৰ ব্যৱহাৰ কৰিব লাগে৷
- এঢলীয়া মাটিত ইঞ্জিন হঠাৎ ষ্টাৰ্ত বা বন্ধ নকৰিব৷ অসমতল মাটিত ট্ৰেক্টৰখন পথালিকে চলোৱাৰ পৰিৱৰ্তে ওপৰৰ পৰা তললৈ বা তলৰপৰা ওপৰলৈ কাৰ্য্য কৰিব৷ দিশ সলোৱাৰ সময়ত গতি কমাব৷ ট্ৰেক্টৰখন পিছলিব বা বেঁকা হ’ব খুজিলে নচলাব৷ চলোৱা সময়ত শিল, গাত বা গছৰ মূঢ়াৰ প্ৰতি সজাগ হৈ থাকিব লাগে৷
ট্ৰেক্টৰখন আপুনি নিৰাপদ অনুভৱ কৰা গতিবেগতহে চলাব৷

অ’পেন ড্ৰাম থ্ৰেছাৰ
ধান মৰণা মৰাৰ বাবে মহিলা কৃষক বা উপান্ত কৃষকে ...
অধিক পঢ়কঅ’পেন ড্ৰাম থ্ৰেছাৰ

ধান মৰণা মৰাৰ বাবে মহিলা কৃষক বা উপান্ত কৃষকে অ’পেন ড্ৰাম থ্ৰেছাৰ ব্যৱহাৰ কৰিব পাৰে ৷ মহিলা সকলে এই মৰণা মৰা যন্ত্ৰ সহজে ব্যৱহাৰ কৰিব পাৰে ৷ হাতেৰে মৰণা মৰাতকৈ অ’পেন ড্ৰাম থ্ৰেছাৰৰ জৰিয়তে মৰণা মৰা কম খৰচী৷ অ’পেন ড্ৰাম থ্ৰেছাৰৰ জৰিয়তে মৰণা মাৰিবলৈ সহজ কাৰণ এই যন্ত্ৰৰ দ্বাৰা মৰণা মৰা, ‘বা’ দিয়া আৰু পৰিষ্কাৰ কৰা কাম একেলগে কৰাটো সম্ভৱপৰ হয় ৷ নষ্ট হোৱা শস্যৰ পৰিমাণ যথেষ্ট কম হোৱা বাবে খেতিয়ক লাভান্বিত হয়৷ মৰণা মৰাৰ পিছত লগে লগে বস্তাত বিক্ৰী কৰিবৰ বাবে ৰাখিব পাৰে আৰু এই যন্ত্ৰৰে মৰণা মাৰিলে খৰচ কম হোৱা বাবে আৰ্থিকভাৱে কৃষকসকলে উপকৃত হয়৷
কাৰ্যপ্ৰণালী
- ডিজেল ইঞ্জিনৰ দ্বাৰা এই মৰণা মৰা যন্ত্ৰবিধ চালিত হয়৷
- চকাযুক্ত হোৱা বাবে এই মৰণা মৰা যন্ত্ৰ সহজতে ইঠাইৰ পৰা সিঠাইলৈ লৈ যাব পাৰি৷
- দুই-তিনিজন মানুহে ‘থ্ৰেছিং চিলিণ্ডাৰ’টোৰ ওপৰত ধানৰ মুঠি বিলাক ধৰি থাকিব লাগে আৰু চিলিণ্ডাৰটোৱে ঘড়ীৰ কাটাৰ দিশত ঘূৰি ঘূৰি ধানবোৰ মুঠিৰ পৰা বিচিন্ন কৰে৷
- মুঠিবিলাক যন্ত্ৰটোৰ ওচৰলৈ আনিবলৈ আৰু ধান সংগ্ৰহ কৰিবলৈ এজন মানুহৰ প্ৰয়োজন হয়৷
- কৃষকে এইবিধ যন্ত্ৰ কিনি নিজৰ ধান মৰণা মৰাৰ লগতে আন কৃষকক ভাড়ালৈ দিও উপাৰ্জন কৰিব পাৰে ৷
সুবিধা সমূহ
- পথাৰত ধান কটাৰ পিছতে কঢ়িওৱাৰ খৰচ নকৰাকৈ আৰু কোনোধৰণৰ শস্যৰ লোকচান নোহোৱাকৈ মৰণা মাৰিব পাৰে৷
- চকা থকাৰ কাৰণে ইফাল সিফাল কৰাত সুবিধা হয়৷
- খেৰবোৰ দীঘলকৈ পোৱা যায়৷
- ডিজেল ব্যৱহৃত হয়৷ গতিকে বিদু্যৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়৷
- ক্ষুদ্ৰ খেতিয়ক সকলক ভাড়ালৈ দিব পৰা যায়৷
- পেডেল থ্ৰেছাৰৰ তুলনাত কম খৰচী৷
মেচিনৰ বিশেষত্ব
- ক্ষমতা ঃ প্ৰতি ঘণ্টাত প্ৰায় ০.৪-০.৫ টন ধান
- প্ৰয়োজনীয় :ইঞ্জিন৪.৫ HP ডিজেল ইঞ্জিন [প্ৰতি ঘণ্টাত ০.৬-০.৮ লিটাৰ ডিজেল লাগে
- দীঘ আৰু ব্যাসাৰ্ধঃ ৪- ৫ ফুট আৰু ২ ফুট
- সৰ্বোচ্ছ আৰ পি এম: ৫৫০
- থ্ৰেছাৰ কাৰ্য্যদক্ষতা (Thresher Efficiency): ৯৫ শতাংশৰ ওপৰত
- পৰিষ্কৰণ কাৰ্য্যদক্ষতা (Cleaning Efficiency) ৯০ শতাংশৰ ওপৰত
- ভঙা ধানৰ পৰিমাণ (Breakage %) ২ শতাংশৰ কম

‘ড্ৰাম ছিদাৰ’ ৰ জৰিয়তে অংকুৰিত বীজ
বোকা পথাৰত ‘ড্ৰাম ছিদাৰ’ ৰ জৰিয়তে অংকুৰিত বীজ শাৰী শাৰীকৈ ছটিওৱা হয়৷ ...
অধিক পঢ়ক‘ড্ৰাম ছিদাৰ’ ৰ জৰিয়তে অংকুৰিত বীজ

বোকা পথাৰত ‘ড্ৰাম ছিদাৰ’ ৰ জৰিয়তে অংকুৰিত বীজ শাৰী শাৰীকৈ ছটিওৱা
বোকা পথাৰত ‘ড্ৰাম ছিদাৰ’ ৰ জৰিয়তে অংকুৰিত বীজ শাৰী শাৰীকৈ ছটিওৱা হয়৷ প্ৰতিটো শাৰীৰ মাজৰ দূৰত্ব ২০ ছেঃমি ৰখা হয়৷ ড্ৰাম ছিদাৰৰ দ্বাৰা ছটিয়াবৰ বাবে প্ৰতি হেক্টৰত ৪০-৪৫ কিঃগ্ৰা বীজৰ প্ৰয়োজন হয়৷
মূল পথাৰত কঠীয়া ৰোৱাৰ কমেও তিনি সপ্তাহৰ আগত হালবোৱা আৰম্ভ কৰিব লাগে ৷ ধানৰ বীজখিনি ১২ ঘণ্টা পানীত ডুবাই থোৱাৰ পিছত পানীখিনি উলিয়াই দি¸ ভিজা বস্তাৰে বীজখিনি ২৪-৭২ ঘণ্টা ঢাকি থ’ব লাগে৷ দিনত দুবাৰকৈ ধানখিনি ওপৰ তল কৰি দিব লাগে৷ বীজ সিঁচাৰ ১-২ দিনৰ আগতে পথাৰখন বোকা কৰি ল’ব লাগে আৰু ৰোৱনী চাহৰ সময়ত অনুমোদিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে৷ পথাৰত পাতল পানীৰ তৰপ [১-২ ছে. মি.] এটা ৰাখি অতিৰিক্ত পানীভাগ উলিয়াই দিব লাগে৷
গজাঁলি ওলোৱা বীজবোৰ পথাৰত খোপনি পোতাৰ পিছত যেতিয়া ২-৩ টা পাত ওলোৱাৰ সময়ত পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ নাইট্ৰ’জেন যুক্ত সাৰ প্ৰথমবাৰ বীজ ছটিওৱা ২০-২৫ দিনত [ পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বাৰ ৪৫-৫০ দিনত [গেঁৰ ধৰা সময়ত] প্ৰয়োগ কৰিব লাগে৷সংহত নিয়ন্ত্ৰণ পদ্ধতিৰে অপতৃণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে৷
ড্ৰাম ছিদাৰৰ বিষয়ে
- মুল্য: ৬,০০০ -২,৪৮,০০০
- ক্ষমতাঃ প্ৰতি হেক্টৰৰ বাবে ৫ ঘন্টা প্ৰয়োজন হয়
- পেট্ৰল বা ডিজেলৰ প্ৰয়োজন নাই ৷
- কম শ্ৰমিকৰ প্ৰয়োজন হয় ৷
- মিথেন নিৰ্গমণ কম হয় ৷

এক্সিয়েল ফ্ল’ থ্ৰেচাৰ
এক্সিয়েল ফ্ল’ থ্ৰেচাৰৰ জৰিয়তে কৃষকসকলে ধান চপোৱাৰ পিচতে তৎকালীন ...
অধিক পঢ়কএক্সিয়েল ফ্ল’ থ্ৰেচাৰ

এক্সিয়েল ফ্ল’ থ্ৰেচাৰৰ জৰিয়তে কৃষকসকলে ধান চপোৱাৰ পিচতে তৎকালীন ভাৱে পথাৰত মৰণা মাৰিব পাৰে ৷ ইয়াৰ ফলত ধান সৰবৰাহ কৰাৰ সময়ত হোৱা লোকচান কমি যায়৷ এক্সিয়েল ফ্ল’ থ্ৰেচাৰে মৰণামৰাৰ অতিৰিক্ত পৰিশ্ৰম লাঘৱ কৰে৷ এই থ্ৰেচাৰত মৰণামৰা ধান পোনপটীয়াকৈ বস্তাত ভৰাব পৰাৰ ব্যৱস্থা আছে ৷ পথাৰত লগে লগে ধান মৰণা মৰাৰ বাবে প্ৰায় ৯-১০ দিন আগতীয়াকৈ আন খেতি কৰিবলৈ সুবিধা হয় ৷
এক্সিয়েল ফ্ল’ থ্ৰেচাৰে কেনেদৰে কাম কৰে?
এক্সিয়েল ফ্ল’ থ্ৰেচাৰে ধানৰ গছবোৰ থ্ৰেচাৰ চিলিণ্ডাৰৰ চাৰিওফালে ঘূৰণীয়া কক্ষপথত ঘুৰাই ধান আৰু খেৰ পৃথক কৰে ৷ পৰৱতীৰ্ সময়ত¸ চিলিণ্ডাৰৰ ফাঁকেৰে কেইবাবাৰো ঘূৰি ধানবোৰ সৰি পৰে৷ এনেদৰে নিয়ন্ত্ৰিত গতিৰ জৰিয়তে দীৰ্ঘ সময় ধৰি ঘূৰ্ণন প্ৰক্ৰিয়া চলাই ধান সৰোৱা হয়৷ পৰৱৰ্তী পৰ্যায়ত দুখন অহা-যোৱা কৰি থকা চালনীৰ দ্বাৰা ধান বোৰ পৰিষ্কাৰ কৰা হয়৷
মেচিনৰ বিশেষত্ব
- ক্ষমতা এক ঘণ্টাত প্ৰায় ১.৪-১.৬ টন
- ধানৰ আদ্ৰৰ্তাৰ পৰিমান ২২-২৫ শতাংশ
- ট্ৰেক্টৰ [ইঞ্জিন ] ২৫ এইচ পি বা তাতোধিক
- সৰ্ব্বোচ্ছ আৰ. পি. এম. ৬৫০
- থ্ৰেছাৰ কাৰ্যদক্ষতা (Thresher Efficiency) ৯৫ শতাংশৰ ওপৰত
- পৰিষ্কৰণ কাৰ্যদক্ষতা (Cleaning Efficiency) ৯৫ শতাংশৰ ওপৰত
- ভঙা ধানৰ পৰিমাণ (Breakage %) ২ শতাংশৰ কম

যান্ত্ৰিকভাৱে বৈ দিয়া ধানৰ খেতি
যান্ত্ৰিকভাৱে বৈ দিয়া ধানৰ খেতিত বা যন্ত্ৰৰ জৰিয়তে মূল পথাৰত ...
অধিক পঢ়কযান্ত্ৰিকভাৱে বৈ দিয়া ধানৰ খেতি

যান্ত্ৰিকভাৱে বৈ দিয়া ধানৰ খেতিত বা যন্ত্ৰৰ জৰিয়তে মূল পথাৰত সিঁচি কৰা ধানৰ খেতি পদ্ধতিত কঠীয়া নপৰাকৈ প্ৰত্যক্ষভাৱে মূল পথাৰত যন্ত্ৰৰ জৰিয়তে বোকা বা শুকান মাটিত প্ৰণালীবদ্ধভাৱে ধান সিঁচা হয়৷
বোকা মাটিত কাৰণে ‘ড্ৰাম ছিদাৰ’ আৰু শুকান মাটিৰ বাবে ‘ছিড কাম ফাৰ্টিলাইজাৰ ড্ৰিল’ বীজ ছটিয়াবৰ বাবে ব্যৱহাৰ কৰা হয়৷
সুবিধা সমুহ
এই পদ্ধতিৰে কৰা পথাৰত গজি উঠা ধানবোৰ সমভাবে বৃদ্ধি হয়, যাৰ ফলত সুৰ্য্যৰ পোহৰ, পানী বা খাদ্য মৌলৰ কাৰণে অপ্ৰয়োজনীয় প্ৰতিযোগীতা নহয়৷
ঘন ঘনকৈ সিঁচা ধান গছবোৰ ফুলঁ ফুলাৰ পিছত বাগৰি যায় বাবে উৎপাদন কমি যায়৷ সেয়ে যন্ত্ৰৰ জৰিয়তে নিদিষ্ট দূৰত্বত সিঁচাৰ বাবে ধান বাগৰি যোৱাৰ সম্ভাৱনা নাথাকে ৷
- যন্ত্ৰৰে সিঁচা ধান সমূহ পৰ্য্যাপ্ত গভীৰতাত পোট খোৱা বাবে পানীৰ চাপ [ খৰাং বা বানপানী] অৱস্থাত ধান কিছুপৰিমানে সহনশীল হয়৷ পানীৰ অপব্যৱহাৰ ৰোধ কৰিব পাৰি৷
- শ্ৰমিকৰ প্ৰয়োজনীয়তা তুলনামূলক ভাৱে কম হয়৷
- ৰোৱা পদ্ধতিত কৰা ধান খেতিতকৈ বৈ দিয়া ধান ৭-১০ দিন আগতে পকে অথাৰ্ৎ আগতীয়া হয়৷
- যন্ত্ৰৰ জৰিয়তে শাৰী শাৰীকৈ সিঁচাৰ ফলত ‘উইডাৰ’ৰ দ্বাৰা বন-বাত নিৰনিকৰণ সম্ভবহয়৷
শুকান মাটিত বৈ দিয়া ধানৰ খেতি
- শুকান মাটিত বৈ দিয়া ধানৰ খেতিৰ বাবে মূল পথাৰখন শুকান কৰি ‘ছিড কাম ফাৰ্টিলাইজাৰ ড্ৰিল’ৰ সহায়ত শুকান বীজবোৰ শাৰী শাৰীকৈ ছটিওৱা হয়৷
- প্ৰণালীবদ্ধ ভাৱে শাৰী শাৰীকৈ নিৰ্দিষ্ট গভীৰতাত ধান সিঁচিবলৈ সক্ষম হয়৷
- পৰিশ্ৰম তুলনামূলক ভাৱে কম হয় ৷
- ধান ৭-১০ দিন আগতে পকে অথাৰ্ৎ আগতীয়া হয়৷
- যন্ত্ৰৰ দ্বাৰা ছটিওৱাৰ ফলত পানীৰ সৎৱ্যৱহাৰ সম্ভৱ হয় আৰু বনবাত নিৰনীকৰণত সুবিধা হয়৷
ছিড কাম ফাৰ্টিলাইজাৰ ড্ৰিলৰ বিষয়ে
- মুল্য ঃ ৮৫,০০০ টকা [ট্ৰেক্টৰৰ দ্বাৰা চালিত]
- ৩৫,০০০ টকা [পাৱাৰ টিলাৰৰ দ্বাৰা চালিত]
- ক্ষমতাঃ প্ৰতি হেক্টৰৰ বাবে ২.৫ ঘন্টা প্ৰয়োজন হয় [ট্ৰেক্টৰৰ দ্বাৰা চালিত]
- প্ৰতি হেক্টৰৰ বাবে ২.৫ ঘন্টা প্ৰয়োজন হয় [পাৱাৰ টিলাৰৰ দ্বাৰা চালিত]
- শ্ৰমিকৰ সংখ্যা , পেট্ৰল বা ডিজেল আৰু পানী ৰাহি হয় ৷
- মিথেন নিৰ্গমণ কম হয় ৷
- যিবোৰ অঞ্চলত হাতেৰে পথাৰত যেনি তেনি সিঁচি দিয়া হয় তেনে পথাৰত মেচিনৰ জৰিয়তে সিঁচি গছৰ ঘনত্ব বঢ়াব পাৰি৷ দুটা শাৰীৰ মাজৰ দুৰত্ব সমান হয় ৷
- ধান সিঁচাৰ সময়ত বিধি অনুযায়ী সাৰ প্ৰয়োগৰ সুবিধা হয় ৷