সাৰ ব্যৱস্থাপনা

বহুক্ষেত্ৰত মাটিয়ে শস্যৰ বাবে প্ৰয়োজনীয় খাদ্যমৌলসমূহ সীমিত পৰিমাণতহে যোগান ধৰিব পাৰে৷ গতিকে উৎপাদন বৃদ্ধিৰ বাবে সাৰ প্ৰয়োগ কৰাটো অতিকৈ প্ৰয়োজন৷ মাটিৰ ভৌতিক অৱস্থাৰ উন্নতিৰ বাবেও সাৰ প্ৰয়োগ প্ৰয়োজনীয়৷ ৰ টন ধান উৎপাদনত ১৫ কিঃগ্ৰাঃ নাইট্ৰ’জেন, ২-৩ কিঃগ্ৰাঃ ফচফৰাছ আৰু ১৫-২০ কিঃগ্ৰাঃ পটাছিয়াম মাটিৰ পৰা শস্যই লাভ কৰে বুলি ধাৰণা কৰা হৈছে ৷¸ সেই হিচাপমতে মাটিত সাৰ প্ৰয়োগ কৰা হয়৷ মাটিৰ প্ৰকাৰ, ঋতু, বতৰ তথা সাৰ প্ৰয়োগৰ পাৰদৰ্শিতা আদিৰ ওপৰত প্ৰয়োগ কৰা সাৰৰ পৰিমাণ নিৰ্ভৰ কৰে৷ শস্যৰ পৰিপুষ্টিৰ কাৰণে লাগতীয়াল খাদ্য মৌলসমূহ ৰাসায়নিক আৰু জৈৱিক ৰূপত যোগান ধৰিব পৰা যায়৷

  • কঠীয়াতলীত সম্ভৱ হলে জৈৱিক সাৰ [পচন সাৰ, খেৰ, তুঁহ, গছ পাত আদি] প্ৰয়োগ কৰিব লাগে৷
  • অনুমোদিত নাইট্ৰ’জেনযুক্ত সাৰৰ তিনি ভাগৰ এভাগ, সমুদায় ফচফৰাছ যুক্ত আৰু পটাছ যুক্ত সাৰ মাটি চাহ কৰোতে প্ৰয়োগ কৰিব লাগে ৷ ¸ নাইট্ৰ’জেন যুক্ত সাৰ ৩ ভাগ কৰি দিয়া হয়৷ বালিয়া মাটিৰ ক্ষেত্ৰত পটাছ যুক্ত সাৰ ২ ভাগ কৰি দিব লাগে আৰু প্ৰতি হেক্টৰত অতিৰিক্ত ১০-১৫ কিঃগ্ৰাঃ পটাছ যুক্ত সাৰ প্ৰয়োগ কৰিব লাগে৷
  • অনুমোদিত ফচফৰাছযুক্ত, পটাছযুক্ত সাৰ আৰু ¸ নাইট্ৰ’জেনযুক্ত সাৰৰ তিনি ভাগৰ এভাগ শেষৰ বাৰ হাল বাওতে মাটিত প্ৰয়োগ কৰিমিহলি কৰি দিব লাগে ৷ বাকী থকা নাইট্ৰ’জেনযুক্ত সাৰ দুই ভাগ কৰি ২৫-৩০ দিন পিছত¸ [পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বাৰ ৪৫-৫০ দিনত [গেঁৰ ধৰা আৰম্ভনিতে] প্ৰয়োগ কৰিব লাগে ৷
  • পত্ৰ ৰঙৰ তালিকা’ [leaf colour chart) নামৰ আহিলা বিধ ব্যৱহাৰ কৰি ধানৰ পাতত থকা নাইট্ৰ’জেনৰ পৰিমাণ তথা আৱশ্যকীয় নাইট্ৰ’জেনৰ পৰিমাণ নিৰূপণ কৰিব পাৰি৷
  • থলুৱা ওখ ধানৰ জাতত উচ্ছহাৰত সাৰ প্ৰয়োগ কৰিব নালাগে৷ কাৰণ এই জাত সমুহক সাৰৰ প্ৰয়োজন কম হয় বাবে¸ সাৰ বেছি হলে গছ জোপা বাগৰি পৰিব পাৰে৷