যান্ত্ৰিকী স্ংৰোপনে আনিছে কৃষি পদ্ধতিৰ পৰিবৰ্তন

কৃষি ক্ষেত্ৰত যান্ত্ৰিকীকৰণে উৎপাদনৰ ক্ষেত্ৰত এক বৃহৎ সম্ভাৱ্না লৈ আহিছে। ধানৰ মূল্য শৃংখলাত যান্ত্ৰিকীকৰণে বিশ্ব বেঙ্কৰ অৰ্থ সাহাৰ্য্যত আৰম্ভ হোৱা অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (এপাৰ্ট) অগ্ৰাধিকাৰ দি আহিছে। কাৰিকৰী অংশীদাৰ হিচাপে, ইন্টাৰনেশনেল ৰাইছ ৰিচাৰ্চ ইনষ্টিটিউট (আইআৰআই)য়ে ইয়াৰ ৰূপায়ণকাৰী অংশীদাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগৰ সৈতে অসমত যান্ত্ৰিকীকৰণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ আৰম্ভ কৰিছে।

অসমত বাৰিষা অহাৰ লগে লগে কৃষক সকল আনন্দিত হৈছে। এই বাৰিষা কৃষকসকলৰ বাবে এক আশ্চৰ্যজনক শক্তি প্ৰদান কৰিছে। পথাৰলৈ যাবলৈ আৰু তেওঁলোকৰ সোনোৱালী সপোনবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰিবলৈ শক্তি সংগ্ৰহ কৰিছে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা ৰূপায়ন কৰা তেওঁলোকৰ ক্ষেত্ৰত যান্ত্ৰিকীকৰণৰ বাবে কৃষক সকল অধিক উৎসাহী হৈ পৰিছে। ধান সংৰোপণৰ পৰম্পৰাগত পদ্ধতি হৈছে ক্ষ্ট্কৰ, কৃষকৰ শ্ৰ্মৰ ফচল হৈছে আমাৰ জীৱ্নৰ সঞ্জীৱনী সুধা ।সেয়েহে, অসম কৃষি বিশ্ববিদ্যালয়ে আইআৰআই সৈতে ৰাজ্যত যান্ত্ৰিক সংৰোপণক এক বিকল্প পদ্ধতি হিচাপে কৃষকৰ মাজলৈ লৈ আহিছে । এই পদ্ধতিয়ে ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কক যে সকাহ দিব সেয়া নিশ্বিত । মেচিনৰ দ্বাৰা সংৰোপনে সময় হ্ৰাস কৰে, শ্ৰমিকৰ পৰিমাণ লাঘব কৰে, ব্যয়-স্ংকোচন কৰে বাবে কৃষকসকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। তদুপৰি, ই মাটিৰ ভৌতিক গুণাগুণ বজাই ৰখাত সহায় কৰে লগতে শস্য ব্যৱস্থাপনা সুবিধাজনক কৰি তোলাৰ লগতে আৰু ধানৰ উৎপাদনশীলতা বৃদ্ধিত অৰিহনা যোগাই ।

"সন্দেহ নাই, পৰম্পৰাগত পদ্ধতি বিলাকৰ কাৰণে আমাৰ এটি তান আছে । তথাপিও নতুন প্ৰযক্তিৰ প্ৰ্তি আমাৰ আগ্ৰহ সদায়েই আছে । উপযুক্ত তথ্য আৰু সা- সুবিধাৰ অভাৱত আমি নতুন প্ৰযক্তি সমূহ লব পৰা নাই । এতিয়া এপাৰ্টৰ জৰিয়তে আমি সুযোগ এটা পাইছো । আমি ভাগ্যৱান অনুভব কৰিছো । আটাইতকৈ ভাললগা কথাটো হ'ল এতিয়া আমাৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ আছে... সকলোৱে সুলভ মাচুলত যন্ত্ৰৰ সেৱা প্ৰাপ্ত কৰাৰ বাবে আমাৰ ওচৰলৈ আহিব পাৰে ’ নলবাৰীৰ কাষ্টম হায়াৰিং কেন্দ্ৰৰ সভাপতিয়ে কয়।

আই আৰ আৰ আই আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মীসকলে কৃষকসকলক কাৰিকৰী জ্ঞান প্ৰদান কৰা, বীজ সময়মতে উপলব্ধ কৰোৱাতো নিশ্চিত কৰা আৰু অধিক কৃষকক যান্ত্ৰিকীকৰণত অন্তৰ্ভুক্ত কৰাৰ বাবে কাষ্টম হায়াৰিং কেন্দ্ৰৰ উৎসাহিত কৰি আহিছে।

অসমৰ প্ৰতিখন জিলাত যান্ত্ৰিকভাৱে সংৰোপণ কৰা অঞ্চলৰ তথ্য সংগ্ৰ্হ কৰি থকা হৈছে আৰু অনুমান কৰা হৈছে কম সময়ৰ ভিতৰত অসমৰ এক বিস্তৃত এলেকাত যন্ত্ৰৰ ব্যৱ্হাৰেৰে ধান ৰোপণ সম্ভব হ’ব । আমাৰ হতে হোৱা বাৰ্তালাপত দৰং জিলাৰ কৃষকসকলে কয়, "ধান খেতিৰ কাম এতিয়া আকৰ্ষণীয় হৈ আছে; প্ৰযুক্তি সঠিক সময়ত, সঠিক ধৰণে আমাৰ ওচৰলৈ আহিছে। ই আমাৰ শক্তি, সময় আৰু ধন সংৰক্ষণ কৰিছে..."

যান্ত্ৰিকীকৰণৰ লগত জড়িত প্ৰতিজিন কৃষি কৰ্মীৰ আছে এটি প্ৰগতিশীল মন ..সকলো একগোট হৈছে ... এটা পৰিৱৰ্তনৰ বাবে... ইতিবাচক দিশত পৰিৱৰ্তনৰ বাবে।