সত্য কৃষি কাহিনীঃ বানে মষিমুৰ কৰা আশাবোৰ .....

গড় কাপ্তানী বিভাগৰ শিলগুটিৰ ৰাষ্টাটোৰ ওখ এটুকুৰা ঠাইত ৰৈ তীৰ্থই তেওঁৰ আঙুলিটোৰে মোক দূৰলৈ দেখুৱাই দিলে- “সৌ তাত .... তাতেই আছিল কঠীয়াতলীখন আৰু তলৰ তিনি বিঘা মাটিত ৰুইছিলো। আজি চাৰিদিন হ’ল পানীৰ তলত... কঠীয়াতলীখনৰ কঠীয়াবিলাক অলপ অলপ দেখা গৈছিল। কিন্তু পথাৰখনত ৰোৱা ধানবোৰ তেতিয়াও পানীৰ তলত। সাগৰ সদৃশ পথাৰখনত কেৱল পানী আৰু পানী .....”

“কিমান দিন লাগিব পাৰে পানী ওলাই যাবলৈ”- মই তীৰ্থক সুধিলো। “নেজানো দাদা, একো ধাৰণা কৰিব পৰা নাই। ৰোৱাৰ পিছৰ পৰা দুবাৰ পানীয়ে ডুবালে। প্ৰথমবাৰ ইমান বেছি হোৱা নাছিল। কঠীয়াও ৰোৱা নাছিলো। তিনিদিন পিছত আঁতৰি গ’ল। কিন্তু এইবাৰহে কেনা লাগিল। ৰোৱাৰ এসপ্তাহৰ পিছতে পানী আহিল। কিছু মাটি ৰুবলৈও থাকিল। দাদা, আমি আধি খেতি কৰা খেতিয়ক। নেজানো ঈশ্বৰে কি লিখিছে ভাগ্যত“- এটি হুমুনিয়াহেৰে তীৰ্থই কোৱা কথাখিনিত মোৰ বৰ বেয়া লাগিল। বানে জুৰুলা কৰি পেলাইছে খেতিয়কক। কি খাব, কি খুৱাব তেওঁলোকে? “পানী যদি দুসপ্তাহো থাকে তোমাৰ ধান খেতিকেইডৰাৰ একো নষ্ট নহয়। খেতিকেইডৰা পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব। এইবোৰ হ’ল ৰঞ্জিত চাব-১ জাতৰ ধান। যথেষ্ট গৱেষণাৰ অন্তত বানপানীয়ে জুৰুলা কৰা কৃষকক সকাহ দিবলৈ এই ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১, স্বৰ্ণ চাব-১ আৰু বীনা-১১ জাতৰ বীজ খেতিয়কক দিয়া হৈছে।“ – তীৰ্থক অভয়বাণী দিবলৈ মই কথাখিনি ক’লো। “দাদা, মানে তই যদি ডালে ডালে, মই পাতে পাতে”- তীৰ্থই হাঁহি মুখুৰে কথাখিনি ক’লে।

“ও তুমি ঠিক কৈছা, এই ধানৰ জাতবোৰ দুসপ্তাহ পৰ্যন্ত বোৱতী পানীৰ তলত থাকিলেও পুনৰ জী উঠাৰ সম্ভাৱনা আছে। মাত্ৰ বানপানী ওলাই যোৱাৰ ৫-৭ দিনৰ পিছত ধানবোৰে যাতে শক্তি পায় তাৰবাবে বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰীয়া আৰু ৪.৪ কিলোগ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগিব।“- মোৰ কথাখিনিত তীৰ্থই যেন সকাহ পালে। তথাপি তেওঁ যেন বিশ্বাস-অবিশ্বাসৰ মাজতে ৰৈ গৈছিল।

...... এসপ্তাহৰ পিছত পানী ক্ৰমান্বয়ে আঁতৰি গৈছিল। পথাৰখন বানে বিধস্ত পেলাইছিল। লহ্পহকৈ বাঢ়ি অহা সেউজীয়া ধাননি কেইডৰা বোকাৰ চামনিৰে বগা হৈ গৈছিল। মই পথাৰলৈ যাবলৈ সাহস গোটাব পৰা নাছিলো। কাৰণ, মই যে তেওঁক অভয় প্ৰদান কৰি আহিছিলো। তেতিয়া মই তাক কৈছিলো- “যদি ৰঞ্জিত চাব-১ ক বাদ দি অন্য ধানৰ জাতৰ খেতি কৰা তেতিয়া কমদিনিয়া (১২০ দিনীয়া) বীনা-১১ জাতৰ খেতি কৰিবা। তেতিয়া সময়মতে চপাব পাৰিবা আৰু উৎপাদনো অধিক পাবা। আকৌ কঠীয়া সিঁচি ৰোৱাৰ বাবে সময়ৰ অভাৱ হয় বুলি ভাবা তেতিয়া কঠীয়া নিসিঁচাকৈ মূল পথাৰত ধান সিঁচা মেচিনৰ দ্বাৰা পোনে পোনে সিঁচি দিব পাৰা। তেতিয়া আগতীয়াকৈ চপাব পাৰিবা। পিছে ৰঞ্জিত চাব-১ ক লৈ তুমি চিন্তা এৰা।”