মাটি প্ৰস্তুতি

মাটি চহ কৰা আৰু মৈয়োৱাৰ ওপৰত খেতিডৰাৰ উৎপাদন বহুখিনি নিৰ্ভৰ কৰে৷ ভালকৈ আৰু সমানকৈ প্ৰস্তুত কৰা মাটিত সমভাৱে শস্য বৃদ্ধি হয়, শস্যই অপতৃণৰ লগত প্ৰতিযোগিতা কৰিব পাৰে, পথাৰত পানীৰ ব্যৱহাৰ কম হয় যাৰবাবে¸ তুলনামূলক ভাবে কম খৰচতে অধিক উৎপাদন পোৱা যায়৷

ভালকৈ প্ৰস্তুত কৰা মাটিডৰাৰ বৈশিষ্ট্যঃ

  • ভালকৈ প্ৰস্তুত কৰা পথাৰৰ মাটিৰ চপৰাবোৰ মিহি¸ হয় যাৰফলত বীজবোৰ মাটিৰ সংস্পৰ্শলৈ আহিবলৈ সুবিধা হয়৷ মাটিৰ চপৰাবোৰ বীজৰ আকাৰৰ হ’ব লাগে ৷
  • মাটিডৰাত অপতৃণৰ সংখ্যা কম হয়৷
  • হালবোৱাৰ ফলত মাটিৰ ১০ ছেঃমি গভীৰতাত এক পাতল তৰপ তৈয়াৰ হয় যাৰ বাবে পানী তললৈ নিৰ্গমন হোৱাতো ৰোধ হয় ৷
  • ভালকৈ প্ৰস্তুত কৰা মাটিডৰাৰ পথাৰখন সমান আৰু কোমল হয় ৷
  • পথাৰৰ আলিবোৰৰ কাষসমূহ কাটি ভঙা-চিগাখিনি মেৰামতি কৰা হয়৷

মাটি প্ৰস্তুতিঃ

  • সম্ভৱ হলে পূৰ্ববৰ্তী শস্যৰ খেতি চপোৱাৰ লগে লগে মাটিত জীপ থকা অৱস্থাত হাল বাব লাগে ৷
  • প্ৰাৰম্ভিক বা প্ৰথম চাহ ঃ পথাৰৰ অৱশিষ্ট নৰা আৰু অপতৃণৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ ধান ৰোৱাৰ ২-৩ সপ্তাহৰ আগত ডিক্স নাঙল বা ম’লব’ৰ্ড নাঙলৰ দ্বাৰা হাল বাব লাগে৷ হাল বোৱাৰ সৰ্বাধিক গভীৰতা ১৫-২০ ছেঃ মিঃ হোৱা উচিত৷
  • দ্বিতীয় আৰু পৰবৰ্তী চাহঃ ডিক্স, হেৰ’ৰ দ্বাৰা অতি কমেও দুবাৰ পথাৰখন হাল বাই মাটিৰ চপৰাবোৰ ভাঙি পেলাব লাগে ৷ ধান ৰোৱাৰ ১০-১৫ দিনৰ আগতে আকৌ এচাহ হাল বাব লাগে আৰু হেৰ’ৰে চহাব লাগে ৷ হাল বাওঁতে সৰ্বাধিক গভীৰতা ১২-১৫ ছে মিঃ হোৱা উচিত৷
  • পথাৰৰ আলিবোৰ মেৰামতি কৰিব লাগে ৷ এন্দুৰৰ গাঁতবোৰ আৰু আলিৰ কাষসমূহ কাটি মেৰামতি কৰিব লাগে৷ কেঁকোৰা-কুছিয়াৰ গাঁতবোৰ নিৰীক্ষণ কৰি বন্ধ কৰাৰ দৰকাৰ যাতে অলক্ষিতে পথাৰৰ পানী নাইকীয়া হৈ নাযায়৷
  • পথাৰখন ভালকৈ সমান কৰিলে পানী চাৰিওফালে বিয়পি যোৱাত সুবিধা হয় আৰু অপতৃণ নিয়ন্ত্ৰণ হয় ৷ যাৰ বাবে খেতিডৰা ভালদৰে ঠন ধৰি উঠে৷
  • ধান ৰোৱা বা সিঁচাৰ ৰ-২ দিন আগত পথাৰখন বোকা কৰি লব লাগে যাতে বীজ সিঁচা বা ৰোৱাৰ সময়ত পথাৰৰ পানীখিনি পৰিষ্কাৰ হৈ উঠে৷