ভৌতিক কাৰক সমুহ

চাউলৰ ৰং : ধান কুটুৱা যন্ত্ৰৰ কাৰ্যদক্ষতাৰ ওপৰত কুটুৱা চাউলৰ¸ ৰং নিৰ্ভৰ কৰে যাৰ বাবে চাউলৰ বজাৰমুল্য ভিন্ন হব পাৰে ৷ ভালকৈ নুকুটালে চাউল বোৰে পানী কমকৈ শোহে আৰু বজাৰ মুল্য কম পোৱা যায় ৷

ভঙা ধানৰ পৰিমাণ : গুণগত মানৰ ধানৰ ক্ষেত্ৰত সাধাৰণতে ৫% বেছি পৰিমাণৰ ভঙা চাউল নাথাকে ৷

চাউলৰ ৰং বা স্বচ্ছতা ঃ চাউলৰ বগা ৰংটো ধানৰ জাতটোৰ গুণ আৰু ধানবনা যন্ত্ৰৰ কাৰ্যদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে ৷ পলিচ কৰা প্ৰক্ৰিয়াটোৱে চাউলৰ বগা ৰং বা স্বচ্ছ কৰাত বহুখিনি প্ৰভাব পেলায় ৷

গেঁৰ ধৰা সময়ত ধান গছজোপা বিভিন্ন কাৰণত বাধাগ্ৰস্ত হলে ধানৰ গুটি বিলাকৰ কিছু অংশ বগা পৰি যায় ৷ কম পৰিমাণত হলে ৰন্ধাৰ সময়ত এইবোৰ আঁতৰি যায় যদিও বেছি হলে ধানৰ গুণাগুণ কমি যায় ৷

ৰাসায়নিক কাৰক সমুহ হল ঃ

জিলেতিনৰ পৰিমাণ ঃ ধান পকাৰ সময়ত তাপ মাত্ৰা অধিক হলে জিলেতিনৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলায় ৷ জিলেতিনৰ পৰিমাণৰ ওপৰত ভাত ৰন্ধা সময় নিৰ্ভৰ কৰে ৷

এমাইল’জৰ পৰিমাণ ঃ ধানত সাধাৰণতে এমাইল’জ ১৫-৩৫ শতাংশ থাকে৷ এমাইল’জৰ পৰিমাণ বেছি হলে ৰান্ধোতে ফুলি উঠে, আকাৰত ডাঙৰ হয় আৰু ৰন্ধাৰ সময়ত শুকান হৈ ভাত টান হয় ৷ এমাইল’জৰ পৰিমাণ কম হলে ভাত আঠাযুক্ত হয়৷ সেয়ে এমাইল’জ ২১- ২৪ শতাংশ থাকিলে ভাল ৷

‘জেল’ অৱস্থা ঃ চাউল ৰন্ধাৰ পিছত সোনকালে টান আৰু শীতল হোৱাৰ প্ৰবণতাৰ ওপৰতো চাউলৰ নিৰ্বাচন নিৰ্ভৰ কৰে ৷