ধান কুটুৱা আৰু পদ্ধতি

ধান কুটুৱা মনে তুঁহ আৰু মলৰ তৰপটো আতঁৰাই বগা চাউল প্ৰস্তুত কৰা বুজায়৷ ধান অতি ভালকৈ কুটুৱাবলৈ আদ্ৰৰ্তা ১৩ ৰ পৰা ১৪ শতাংশ হ’ব লাগে ৷ কুটুৱাৰ সময়ত ভাল ফলাফল পাবৰ বাবে এই কাৰ্য কেইবাটাও স্তৰত সম্পূৰ্ণ কৰা হয়৷¸ এই প্ৰক্ৰিয়াত ধানৰ উষ্ণতা ৪৫০ ছেলচিয়াছতকৈ বেছি হব নালাগে৷ কুটুৱা প্ৰক্ৰিয়াত শতকৰা ২০ ভাগ ধানৰ বাকলি বা তুঁহ আৰু মল শতকৰা ১০ ভাগ আঁতৰি গৈ শতকৰা ৭০ ভাগ বগা চাউল হিচাপে থাকি যায়৷ জলসিঞ্চন প্ৰয়োগ কৰি খেতি কৰা ধানৰ শতকৰা ৬০ ভাগ চাউল নভঙাকৈ গোটা বগা চাউল আৰু জলসিঞ্চন প্ৰয়োগ নকৰাকৈ খেতি কৰা ধানত শতকৰা ৪০ ৰ পৰা ৫০ ভাগ নভঙাকৈ গোটা বগা চাউল সাধাৰণতে পোৱা যায়৷

ধান কুটুৱাৰ বিভিন্ন পদ্ধতি

  • হাতেৰে ধানবনা পদ্ধতি ঃ উড়াল আৰু ঢেঁকীত ধানবনা প্ৰক্ৰিয়া এতিয়াও বহু ঠাইত প্ৰচলিত হৈ আছে৷ ঢেঁকী বা উড়ালৰ জৰিয়তে ধানবনা পদ্ধতিত বাৰে বাৰে ধানখুন্দি তুঁহ আৰু মল আতঁৰোৱা হয়৷ অৱশ্যে এই প্ৰক্ৰিয়াত ভঙা চাউলৰ পৰিমাণ বেছি হয়৷ পিছত কুলাৰে ঝাৰি বা চালনিৰে চালি ইয়াক পৰিষ্কাৰ কৰা হয় ৷
  • এটা খেপৰ ধানবনা পদ্ধতি ঃ এবাৰতে ধানবনা মিল অসমত ‘হুলাৰ মিল’ হিচাপে জনপ্ৰিয়৷ এই মিল বৰ্তমানেও ধান বানিবলৈ বহুলভাৱে ব্যৱহাৰ হৈ আছে৷ এনেধৰণৰ মিলত উচ্চ চাপত ঘৰ্ষণৰ দ্বাৰা ধানৰ পৰা বাকলি গুচোৱা আৰু পলিচ কৰা হয়৷ এই পদ্ধতিত বহু ভগা চাউল অৰ্থাৎ খুদ চাউল থাকি যায় আৰু গোটা চাউল শতকৰা ৫০-৫৫ ভাগ পোৱা যায় ৷ ভাঙি যোৱা চাউল তুঁহ আৰু মলৰ লগত সচৰাচৰ মিহলি হৈ পৰে৷ আজিকালি ‘ৰবৰ ৰ’লাৰ’ মেচিন বজাৰত উপলদ্ধ ৷
  • দুটা খেপৰ ধানবনা পদ্ধতি ঃ
    দুটা খেপৰ ধানবনা মিল ‘ছেলাৰ মিল’ হিচাপে জনপ্ৰিয়৷ এনেধৰণৰ মিলত ধানৰ পৰা বাকলি [তুঁহ] আতৰোৱা আৰু মল আঁতৰোৱা [পলিচ] দুটা পৃথক প্ৰক্ৰিয়া থাকে ৷ ৰবৰ ৰ’¸লাৰ দ্বাৰা ধানৰ বাকলি আঁতৰোৱা হয় আৰু ষ্টিল ৰ’লাৰৰ দ্বাৰা মল আঁতৰোৱা [পলিচ] হয়৷ ৷ দুটা খেপৰ ধানবনা পদ্ধতিটো এটা খেপৰ ধানবনা প্ৰক্ৰিয়াতকৈ তুলনামূলকভাবে বেছি কাৰ্যক্ষম ৷
  • কেইবাটাও খেপৰ ধানবনা পদ্ধতি ঃ
    আধুনিক বাণিজ্যিক মিলত একেলগে বহুকেইটা কাৰ্য চলে, যাৰ ফলত উচ্চ গুণসম্পন্ন আৰু অধিক পৰিমাণৰ চাউল পোৱা য়ায়৷ এই মিলত তলত দিয়া প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰা হয় ৷
    • ধানবনাৰ বাবে উপযুক্ত কৰিবলৈ আগতীয়া পৰিষ্কাৰকৰণ
    • ধানৰ পৰা বাকলি আঁতৰোৱা
    • চাউল বগা কৰিবৰ বাবে মল তৰপটো আঁতৰাই পলিচ কৰা
    • ভঙা চাউলবোৰ পৃথক কৰা
    • ধানবনাৰ পিছত চাউল বস্তাত ভৰোৱা
    • উপজাত সামগ্ৰীৰ সুব্যৱস্থাপনা কৰা