কীট-পতংগ আৰু ৰোগ

কৃষকে প্ৰতিবছৰে ধান খেতিত কীট-পতংগৰ আক্ৰমণ আৰু ৰোগৰ বাবে ১০-৩৭ শতাংশ লোকচান বা ক্ষতিৰ সন্মুখীন হয়৷ উৎকৃষ্ট শস্য পৰিচৰ্যা, আক্ৰমণৰ সঠিক কাৰক নিৰূপণ কৰি প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ক্ষতিসমূহ হ্ৰাস কৰিব পাৰি৷ অনিষ্টকাৰী কীট-পতংগ আৰু ৰোগৰ উৎকৃষ্ট নিয়ন্ত্ৰণৰ উপায় হৈছে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা৷ ধানৰ কীট-পতংগ আৰু ৰোগৰ উপদ্ৰৱ হ্ৰাসকৰণৰ বাবে নিম্নোক্ত উপায়সমূহ গ্ৰহন কৰিব লাগে৷

  • পথাৰত যন্ত্ৰপাতিসমূহ ভালদৰে পৰিষ্কাৰ কৰিহে ব্যৱহাৰ কৰিব৷
  • দুটা শস্যকালৰ মাজৰ সময়চোৱাত নৰা আৰু মুঢ়াবোৰ আঁতৰাই পথাৰখন পৰিষ্কাৰ কৰিব লাগে৷ আলিবোৰ ভালদৰে মেৰামতি কৰিব লাগে৷
  • সুবীজ আৰু সহনশীল জাত ব্যৱহাৰ কৰিব লাগে ৷
  • প্ৰমাণিত বীজ ব্যৱহাৰ কৰিব লাগে৷ প্ৰমাণিত বীজ উপলদ্ধ নহ’লে পৰিষ্কাৰ, স্বাস্থ্যবান আৰু বিশুদ্ধ বীজহে ব্যৱহাৰ কৰিব৷
  • কম দিনীয়া আৰু কীট পতংগৰ আক্ৰমণ আৰু ৰোগ সহনশীল জাত ব্যৱহাৰ কৰিব৷
  • ওচৰৰ পথাৰখন বা মাটিডৰাত ধান ৰোপণ কৰাৰ একে সময়তে ৰোৱাৰ চেষ্টা কৰিব লাগে৷ যাতে কীট-পতংগ, ৰোগ, চৰাই আৰু এন্দুৰৰ আক্ৰমণ এখন পথাৰতে সীমাবদ্ধ নাথাকে৷
  • অনুমোদিত পৰিমাণতকৈ অধিক সাৰ প্ৰয়োগ কৰিব নালাগে৷ নাইট্ৰ’জেন যুক্ত সাৰ অনুমোদনতকৈ বেছি ব্যৱহাৰ কৰিলে কিছুমান কীট পতংগ আৰু বেমাৰৰ আক্ৰমণ বৃদ্ধি পায়৷
  • উপকাৰী কীট-পতংগ সমূহৰ বংশ বিস্তাৰৰ বাবে ব্যৱস্থা ল’ব লাগে৷
  • কীটনাশক বা ৰোগনাশক দ্ৰব্যসমূহ অনুমোদিত হাৰতকৈ অধিক ব্যৱহাৰ কৰিলে হিতে বিপৰীত হৈ পোক পতংগৰ সংখ্যা কোনোবা এটা সময়ত ব্যাপক হৈ পৰিব পাৰে৷
  • অধিক কীটনাশক ব্যৱহাৰৰ ফলত উপকাৰী পতংগসমূহৰ নিধন হ’ব পাৰে৷
  • কঠীয়া ৰোৱাৰ ৪০ দিনৰ ভিতৰত কোনো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে৷
  • ধানৰ প্ৰাৰম্ভিক অৱস্থাত আক্ৰান্ত হলে উৎপাদনত খুউৱ বেছি প্ৰভাব নপৰে ৷
  • প্ৰতিৰোধ কৰিব লগীয়া ৰোগৰ ব্যৱস্থাপনা সমুহ আগতীয়াকৈ জনাতো প্ৰয়োজন ৷
  • ৰাসয়নিক কীটনাশক প্ৰয়োগ কৰিলে তলৰ কথা কেইটি মনত ৰাখিব ৷
  • বিসংগতিপূৰ্ণ স্পেয়াৰ ব্যৱহাৰ কৰিব নালাগে৷
  • অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিভাগৰ দ্বাৰা অনুমোদিত ঔষধ সঠিক পৰিমাণত প্ৰয়োগ কৰিব লাগে ৷
  • প্ৰয়োগ কৰাৰ সময়ত সুৰক্ষাৰ বিধি মানি চলিব লাগে৷