ৰোপণ

ধান সময়মতে ৰোপণ কৰিলে বা সিচিঁলে ধান গছৰ বৃদ্ধি সমানে আৰু সোনকালে হয়, অপতৃণ বা পোক পতংগই সহজে আক্ৰমণ কৰিব নোৱাৰে আৰু উৎপাদন বৃদ্ধি হয় ৷ মূল পথাৰত ৰোৱাৰ আগতে কঠীয়াতলীত এক নিৰ্দিষ্ট সময়ৰ কাৰণে কঠীয়াখিনি ডাঙৰ কৰি লোৱা হয়৷ কঠীয়া ৰোৱাৰ উপযুক্ত সময় ঠাই বিশেষে বা জাত ভেদে ভিন্ন হয় ৷ ইয়াৰোপৰি পানীৰ পৰিমাণ, শ্ৰমিক আৰু পূৰ্ববৰ্তী খেতিৰ চপোৱা সময়ৰ ওপৰতো নিৰ্ভৰ কৰে৷ ধানখেতি সাধাৰণতে দুই ধৰণে কৰা হয়৷পোনপটীয়াকৈ মূল পথাৰত সিঁচা পদ্ধতি আৰু কঠীয়াৰোপণ পদ্ধতি৷ কঠীয়াৰোপণ পদ্ধতিৰ দৰে কঠীয়াতলী তৈয়াৰ কৰা, বীজ সিঁচা, কঠীয়া উঠোৱা, কঢ়িওৱা আদি কামবোৰ সিঁচা পদ্ধতিত নাথাকে৷ অসমত শালি ধান, বৰো ধান আৰু নিয়মীয়া আহুধানৰ খেতি ৰুই কৰা পদ্ধতিত কৰে আৰু আগতীয়া আহু ধানৰ খেতি পোনপটীয়াকৈ মূল পথাৰত সিঁচা পদ্ধতিৰে কৰে৷

কঠীয়া ৰোপণ পদ্ধতিঃ

  • যিমান মাটি ৰুব, তাৰ দহ ভাগৰ এভাগ মাটি কঠীয়াতলীৰ বাবে নিৰ্বাচন কৰি লব লাগে৷
  • ৩-৪ বাৰ হাল বাই আৰু এবাৰ হেৰ’ ব্যৱহাৰ কৰি কঠীয়াতলীখন প্ৰস্তুত কৰিব লাগে ৷
  • কঠীয়াতলীখন ভালদৰে মৈয়াই সমান কৰিব লাগে আৰু পানীৰ নলা বিলাক মেৰামতি কৰিব লাগে ৷
  • ধানৰ বীজখিনি ২৪ ঘণ্টা পানীত ডুবাই থোৱাৰ পিছত পানীখিনি উলিয়াই দি¸ ভিজা বস্তাৰে বীজখিনি ঢাকি থ’ব লাগে৷ তাৰপিছৰ ২৪ ঘণ্টাত দিনত দুবাৰকৈ ধানখিনি ওপৰ তল কৰি দিব লাগে৷ বীজখিনি ভিজাই ৰাখিবলৈ পানী ছটিয়াই থাকিব লাগে৷
  • এক হেক্টৰ মাটিৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ ৪০-৪৫ কিঃগ্ৰাঃ ৷
  • শেষৰ বাৰ হাল বাওঁতে অনুমোদিত পৰিমাণৰ¸ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে ৷
  • মূল পথাৰত কম আৰু মধ্যমীয়া কৃষিকালৰ জাতৰ কঠীয়া ২০-২৫ দিনত আৰু দীৰ্ঘদিনীয়া কৃষিকালৰ জাতৰ কঠীয়া ৩০-৪০ দিনত ৰুব লাগে ৷
  • কঠীয়া মূল পথাৰত শাৰী শাৰীকৈ ৰুব লাগে ৷
  • পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷

বোকা পদ্ধতিত পোনপটীয়াভাৱে বীজ সিচাঁ [ড্ৰাম ছিদিং]

  • ধানৰ বীজখিনি ১২ ঘণ্টা পানীত ডুবাই থোৱাৰ পিছত পানীখিনি উলিয়াই দি¸ ভিজা বস্তাৰে বীজখিনি ঢাকি থ’ব লাগে৷ বীজখিনি সেমেকি থাকিবলৈ পানী ছটিয়াই থাকিব লাগে৷
  • কঠীয়াতলীখনত ধানৰ বীজবোৰ সমভাবে সিঁচি দিব লাগে ৷
  • পথাৰত পাতল পানীৰ তৰপ [১-২ ছেঃমিঃ] এটা ৰাখি অতিৰিক্ত পানীভাগ উলিয়াই দিব লাগে৷
  • সিচাঁৰ আগতে অংকুৰিত হোৱা বীজৰ ভিতৰত থকা অতিৰিক্ত পানী ভাগ আঁতৰাবলৈ প্ৰয়োজন হ’লে ছাঁত অলপ শুকুৱাব লাগে৷
  • বোকা মাটিত পোনপটীয়াভাৱে বীজ সিচাঁ যন্ত্ৰ ‘ড্ৰাম ছিদাৰ’ৰ প্ৰতিটো ড্ৰামত আধালৈকে বীজ ভৰ্তি কৰিব লাগে৷
  • ড্ৰাম ছিদাৰটো পথাৰত টানি নিওতে মন কৰিব লাগে যাতে শাৰী বিলাক পোন হয়৷
  • গজাঁলি ওলোৱা বীজবোৰ পথাৰত খোপনি পোতাৰ পিছত ২-৩ টা পাত ওলোৱাৰ সময়ত পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
  • বাকী থকা নাইট্ৰ’জেন যুক্ত সাৰ প্ৰথমবাৰ বীজ সিচাঁ১২০-২৫ দিনত [ পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বাৰ ৪৫-৫০ দিনত [গেঁৰ ধৰাৰ আৰম্ভণিতে ] টপড্ৰেচিং কৰিব লাগে৷
  • সংহত নিয়ন্ত্ৰণ পদ্ধতিৰে অপতৃণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে৷

শুকান পদ্ধতিত পোনপটীয়াভাৱে ধান সিচাঁ [চীড ড্ৰীলৰ দ্বাৰা] :

  • কাল্টিভেটৰ বা হেৰ’ ব্যৱহাৰ কৰি মাটিখিনি চহাই আৰু মৈয়াই ল’ব লাগে৷ তিনি ভাগৰ এভাগ নাইট্ৰ’জেন যুক্ত সাৰ আৰু পটাছিয়াম যুক্ত সাৰৰ সম্পূৰ্ণ পৰিমাণ মাটি চহৰ সময়ত মিহলি কৰি দিব লাগে৷
  • প্ৰতি হেক্টৰত ৪০-৪৫ কিঃগ্ৰাঃ বীজ ‘চীড ড্ৰীল’ৰ জৰিয়তে সিঁচিব লাগে৷ ফচফৰাছ যুক্ত সম্পূৰ্ণসাৰ [ ডি. এ. পি বা এচ. এচ. পি] চীড ড্ৰীলৰ বাকচ এটাত ভৰাই আৰু আনটো বাকচত বীজ ভৰাই একেলগে প্ৰয়োগ কৰিব লাগে ৷
  • বীজ সিচাঁৰ পিছতেই বনবাত ‘গজাঁলি ওলোৱাৰ আগতে প্ৰয়োগ কৰা’ অপতৃণ নাশক (Preemergence herbicides) প্ৰয়োগ কৰিব লাগে৷
  • সিচাঁৰ ৯-১০ দিন পিছত পাতলকৈ পানী প্ৰয়োগ কৰিব লাগে৷ ইয়াৰ পিছত মাটিডৰা সামান্য ফাট মেলা দেখিলে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
  • যেতিয়া অপতৃণবোৰ ২-৩ টা পাতৰ হয় [বীজ ছটিওৱাৰ ১৫-২০ দিন পিছত] অপতৃণৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অপতৃণ নাশক প্ৰয়োগ কৰিব লাগে৷
  • পথাৰত অপতৃণ নাশক প্ৰয়োগ কৰাৰ সময়ত বন্ধ পানী থাকিব নালাগে, কিন্তু মাটিখিনিত জীপ থাকিব লাগে৷
  • বাকী থকা নাইট্ৰ’জেন যুক্ত সাৰৰ প্ৰথম ভাগ বীজ সিচাঁৰ ২৫-৩০ দিন পিছত¸ [পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বাৰ ৪৫-৫৫ দিনত [গেঁৰ ধৰা আৰম্ভনিতে] প্ৰয়োগ কৰিব লাগে ৷