ৰাইছ ডক্টৰ

ৰাইচ ডাক্টৰ হ’ল এটা এপ’ যাৰ জৰিয়তে ধাননিৰ অনিষ্ট্কাৰী পোক পতংগ আৰু ৰোগ সমুহ চিনাক্ত কৰিব পাৰি আৰু সঠিক আৰু সময় উপযোগী ব্যৱ্স্থাপনাৰ বাবে দিহা পাব পাৰি ।এই এপ’ত ৮০ ৰো অধিক কীট, ৰোগ আৰু অন্যান্য অজৈবিক কাৰক সমুহ অন্তৰ্ভুক্ত হৈ আছে। প্ৰতিটো কাৰকৰ বিৱৰণ আৰু ছবি থকাৰ বাবে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ সমস্যা নিৰ্ণয় কৰাত সহায় কৰে

ৰাইচ ডাক্টৰে প্ৰদান কৰা সুবিধা সমুহ:

  • কীট-পতঙ্গৰ আক্ৰমণ, ৰোগ, পুষ্টিৰ অভাৱ আৰু বিষাক্ততাসহ প্ৰায় ৮০ টা শস্যৰ সমস্যাৰ তাৎক্ষণিক চিনাক্ত কৰে ।
  • ব্যৱস্থাপনা আৰু প্ৰতিৰোধ বিকল্পৰ দিহা দিয়ে ।
  • বিশেষজ্ঞসকলৰ পৰা ব্যৱস্থাপনাৰ দিহা পাবলৈ ধানৰ সমস্যাৰ ছবি আপলোড কৰিব পাৰি ঠিক একেদৰে ব্যৱহাৰকাৰীসকলে সমস্যা চিনাক্ত কৰিবলৈ আৰু পৰামৰ্শৰ বাবে বিশেষজ্ঞসকলক বিত্ং তথ্য প্ৰেৰণ কৰিব পাৰে।
  • বিশেষজ্ঞসকলে সমস্যাটো চিনাক্ত কৰি কৃষকৰ ম’বাইললৈ এছএমএছ হিচাপে প্ৰয়োজনীয় পৰামৰ্শ প্ৰেৰণ কৰে ।

ৰাইচ ডাক্টৰ কেনেকৈ মবাইলত পাব পাৰি ?

Rৰাইচ ডাক্টৰ গুগল প্লে’ ষ্টোৰ (ডিভাইচ)ত বিনামূলীয়াকৈ ডাউনলোড কৰিব লাগিব https://play.google.com/store/apps/details?id=com.lucidcentral.mobile.ricedoctor&hl=en_IN&gl=US আৰু সমস্যাবোৰ নিৰ্ণয় কৰিবলৈ অফলাইনো ব্যৱহাৰ কৰিব পাৰি।
ডাউনলোড কৰিবলৈ এই QR কোড স্কেন কৰিব লাগিব

ৰাইচ ডাক্টৰে কেনেকৈ কাম কৰে?

ধানৰ সমস্যা নিৰ্ণয় কৰাত জড়িত পদক্ষেপ সমুহ তলত উপস্থাপন কৰা হৈছে

  • গুগল প্লে’ ষ্টোৰৰ পৰা ৰাইচ ডাক্টৰ এপ্লিকেচন ডাউনলোড কৰক ।
  • ধানৰ সমস্যাৰ লক্ষণ, ধানৰ বৃদ্ধিপৰ্যায়, কীট-পতংগ আৰু ৰোগৰ বিষয়ে সোধা প্ৰশ্নবোৰৰ উত্তৰ দিয়ক । এই উত্তৰ বোৰে কৃষকে সন্মুখীন হৈ থকা সম্ভাৱ্য সমস্যাৰ তালিকা সমুহ প্ৰস্থুত কৰে।
  • প্ৰতিটো সাম্ভাব্য সমসাৰ ওপৰত থকা তথ্য পত্ৰিকাবোৰে সমস্যাবোৰৰ চিহ্ন আৰু লক্ষণবোৰৰ সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰে, লগতে ব্যৱস্থাপনা বিকল্পৰ বিষয়ে বিৱৰণ প্ৰদান কৰে। এটা মূৰ্খ্য শব্দ লিখি অনুসন্ধান কৰিলে ৱহাৰকাৰীসকলে পোনপটীয়াকৈ নিৰ্দিষ্ট তথ্য শ্বীটত প্ৰৱেশ কৰিবলৈ সক্ষম হ্য়।
  • ব্যৱহাৰকাৰী সকলে চিনাক্ত কৰিব লগীয়া কীট-পতংগ বা ৰোগৰ ওপৰত বিৱৰণ দাখিল কৰিবলৈ কোৱা হয়। ব্যৱহাৰকাৰীসকলে ভূমিৰ প্ৰকাৰ, অৱস্থান, ব্যৱহাৰকাৰীৰ নাম, ইমেইল আইডি, ফোন নম্বৰ, সমস্যাটোৰ ছবি (সৰ্বাধিক ৩ টা) সহ সমস্যাটোৰ বিৱৰণ সন্নিবিষ্ট কৰিব লাগিব যাতে বিশেষজ্ঞসকলৰ পৰা সমস্যাৰ ব্যৱস্থাপনাৰ বিশয়ে পৰামৰ্শপাব পাৰে।