অসমত ধান খেতি
ধান হৈছে অসমৰ এটা গুৰুত্বপূৰ্ণ শস্য। ৰাজ্যত ৪.১৬ নিযুত হেক্টৰ কৃষি ভূমিৰ ২.৫৪ নিযুত হেক্টৰত ধান খেতি কৰা হয়। মুঠ খাদ্য শস্য উৎপাদনৰ ভিতৰত ৯৬ শতাংশই ধান। অসমৰ ভিন্ন জৈৱ বৈচিত্রতা আৰু বিভিন্ন পৰিবেশ-পৰিস্থিতিত বিভিন্ন ধান ৰজাতৰ খেতি কৰি অহাৰ বাবে বিভিন্ন নতুন নতুন জাতৰ উদ্ভৱ হৈছে। ভৌতিক বিশেষত্ব, ভৌগলিক অৱস্থান আৰু পৰম্পৰা গত ভাবে প্ৰচলিত বিভিন্ন ধানৰ জাতৰ খেতিৰ বাবে ৰাজ্য খনক ধানৰ ক্ষেত্ৰত এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ কৃষি বিভাগে ধান খেতিৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।
কৃষি-বতৰৰ তাৰতম্য, তাপমাত্ৰা, বৰষুণৰ ঋতু গত তাৰতম্য আৰু বৰ্ষা নিৰ্ভৰশীল কৃষিৰ বাবে অসমত তিনিটা বিভিন্ন ঋতুত ধান খেতি কৰা হয় । অসমত শস্য চপোৱাৰ ওপৰত নিৰ্ভৰ কৰি তিনি প্ৰকাৰৰ ধান খেতি কৰা দেখিবলৈ পোৱা যায় । শালি ধানৰ খেতি জুন- জুলাইত আৰম্ভ হয় আৰু নৱেম্বৰ- ডিচেম্বৰ মাহত শস্য চপোৱা হয় । বৰো ধানৰ খেতি অক্টোবৰ – নৱেম্বৰ মাহৰ পৰা মে‘-জুন মাহলৈকে কৰা হয় আৰু আহু ধানৰ খেতি ফেব্ৰুৱাৰী -মাৰ্চ মাহৰ পৰা মে’- জুন মাহলৈকে কৰা হয় ।

আহু ধানৰ বেছি ভাগ জাত পোহৰ অসংবেদনশীল, কমকৃষি কালৰ (৮০-১৩০দিন) হয়।এইসময়্ত খেতি কৰা ধানৰ জাত বোৰক দুটা উপ-গোটত ভাগ কৰিব পাৰি : সিঁচি কৰা আহু ধান আৰু ৰোৱা আহু ধান। সিচাঁ আহু ধানৰ খেতি মিচিং, কাৰ্বি আদি জন জাতীয় সমাজৰ স্ংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ৰোৱা আহু ধানৰ খেতি জলসিঞ্চনৰ ব্যৱ্স্থা থকা পথাৰ বোৰত কৰা যায়। আহু ধানক মুখ্যতঃ কৃষি কালৰ ওপৰত নিৰ্ভৰ কৰি দুমাই (৮০-৯০দিন), মুৰালি আৰু চেংৰিহি চাপেও শ্ৰেণীবদ্ধ কৰিব পাৰি।

বৰো ধানৰ জাতবোৰ হৈছে পোহৰ অসংবেদনশীল আৰু পৰম্পৰাগত ভাবে বিল বাদ’ মাটিত ৰোপণ কৰা হয়।এই ধানৰ জাত বোৰক ৰোৱাৰ পৰা চপোৱালৈ প্ৰায় ১৭০-২০০ দিন সময় লাগে।

পাহাৰীয়া অঞ্চলত ধানৰ খেতি পাহাৰৰ মাটিত মিশ্ৰিত শস্য ক্ৰমত জুম খেতিহি চাপে এপ্ৰিল-ছেপ্টেম্বৰত ধান পোন পটীয়াকৈ সিচিঁ বা কঠীয়া ৰোপণ কৰি খেতি কৰা হয়। এই জাত বোৰে ৰোৱাৰ পৰা শস্য চপোৱালৈকে প্ৰায় ১৪০-১৬০দিন লাগে।

