ধানৰ জাত
কৃষক এজনৰ বাবে খেতি কৰিবলৈ সুবিধাজনক আৰু বজাৰত উচ্চ চাহিদা থকা ধানৰ জাতেই হৈছে সৰ্বোৎকৃষ্ট জাত৷ অৱশ্যে, সৰ্বোৎকৃষ্ট ধানৰ জাতটোৱে সৰ্বাধিক উৎপাদন দিব নোৱাৰিবও পাৰে কিয়নো ধানৰ উৎপাদন বতৰ, বৰষুণ অথবা জলসিঞ্চনৰ পৰা উপলব্ধ পানী, মাটিৰ প্ৰকাৰ, পথাৰৰ আকাৰ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে৷ ইয়াৰ উপৰিও উৎপাদিত ধানখিনি ঘৰত খাবৰ বাবে নে বিক্ৰী কৰিবৰ বাবে ব্যৱহাৰ হ’ব তাৰ ওপৰতো জাতৰ নিৰ্বাচন বহুখিনি নিৰ্ভৰ কৰে৷
অধিক উৎপাদনশীল, ৰোগ প্ৰতিৰোধী, সোৱাদযুক্ত, কুটুৱাৰ পাছত পযাৰ্প্ত উৎপাদন দিব পৰা আৰু বজাৰৰ চাহিদাযুক্ত ধানৰ জাত নিৰ্বাচন কৰিব লাগে৷ জাত নিৰ্বাচন কৰোতে নিম্নোক্ত কাৰকসমূহ বিবেচনা কৰিব লাগে ৷
কৄষিকালঃ
- জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল মাটি অথবা বানপানী আক্ৰান্ত অঞ্চলৰ বাবে দীৰ্ঘদিনীয়া কৃষিকালৰ [১৪০ দিনৰ অধিক] ধানৰ জাতসমূহ উপযুক্ত৷
- মধ্যমীয়া কৃষিকালৰ [১২০ - ১৪০ দিন] জাতসমূহ বৰ্ষা-নিৰ্ভৰশীল আৰু জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল অঞ্চলবোৰৰ বাবে উপযোগী
- কম কৃষিকালৰ [১২০ দিনতকৈ কম] জাতসমূহ খৰাং আৰু একেডৰা মাটিতে শস্যক্ৰম অনুযায়ী দুটা খেতি কৰিব পৰা অঞ্চলৰ বাবে উপযুক্ত৷
ধান গছৰ উচ্চতাঃ
- ধানৰ ওখ [১.২ মিটাৰতকৈ অধিক উচ্চতাৰ] জাতসমূহ বানপানী আক্ৰান্ত আৰু অসমতল অঞ্চলৰ বাবে উপযুক্ত ৷ এই জাতৰ ধানৰ গছ ওখ হোৱাৰ বাবে বাগৰি পৰাৰ সম্ভাৱনা থাকে৷
- মধ্যমীয়া ওখ [১.০ -১.২ মিটাৰ উচ্চতাৰ] জাতবোৰ প্ৰায়বোৰ অঞ্চলৰ বাবে উপযুক্ত ৷ সাৰ দিলেও এনে জাতৰ ধানৰ গছ বাগৰি পৰা সম্ভাৱনা কম হয়৷
- চাপৰ জাতবোৰ [১.০ মিটাৰত কৈ কম উচ্চতাৰ] সাধাৰণতে সমতল পথাৰ বিশেষকৈ জলসিঞ্চনৰ সুবিধা থকা অঞ্চলৰ বাবে উপযুক্ত৷ এনে জাতৰ মাটিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ খাদ্য মৌল বিলাক আহৰণ কৰা ক্ষমতা বেছি থাকে৷
চাউলৰ গুণাগুণঃ
- বজাৰত গোন্ধযুক্ত দীঘলীয়া চাউলৰ ধানৰ জাতৰ দাম বেছি যদিও এনে জাতৰ উৎপাদন সাধাৰণতে কম হয়৷
- ভাতৰ কোমলতা, আঠাযুক্ততা, সোৱাদ আৰু বৰণৰ ওপৰতো জাতৰ বাচনি নিৰ্ভৰ কৰে৷