বীজৰ মান

ধানখেতিত সুবীজ ব্যৱহাৰ কৰিলে প্ৰয়োজনীয় বীজৰ পৰিমাণ কম হোৱাৰ লগতে সুস্থ, সবল, অধিক উৎপাদনশীল কঠীয়া পাব পাৰি৷

সুবীজৰ গুণাগুণঃসুবীজৰ বিভিন্ন গুণবোৰৰ ভিতৰত প্ৰধান গুণ কেইটামান হ’ল

  • পৰিস্কাৰঃ বীজৰ মাজত শিল, বালি অথবা অপতৃণৰ বীজ নাথাকে ৷
  • বিশুদ্ধঃ বংশগত ভাবে মিল থকা এটা জাতৰ বীজহে বস্তা বা মোনাত থাকে ৷
  • সুস্থঃ বীজবোৰ পৰিপূৰ্ণ, একৰঙী আৰু ফাট বা দাগ নাথাকে৷

সুবীজ ‘প্ৰমাণিত বীজ’ বা ‘আধাৰ বীজ’ হিচাপে ক্ৰয় কৰি আনিব পাৰি ৷ অন্যথা কৃষকে নিজেও উৎপাদন কৰিব পাৰে ৷

সুবীজ উৎপাদন কৰাৰ কৌশলঃ

  • বীজ উৎপাদন কৰা পথাৰখন সমতল, সুচল যাতায়তৰ ব্যৱস্থা থকা আৰু পথাৰৰ আলিবোৰ ভালকৈ বন্ধা হ’ব লাগে ৷
  • পৰিষ্কাৰ, বিশুদ্ধ আৰু নিৰোগী বীজ ব্যৱহাৰ কৰিব লাগে৷
  • বীজবোৰ পানীত ৰাখি ওপঙি থকা পতানবোৰ আঁতৰাই ল’ব লাগে৷
  • ধানখেতিৰ সুব্যৱস্থাপনা সমুহ যেনে, সময়মতে বীজ সিঁচা, সময়মতে অনুমোদিত পৰিমাণত সাৰ প্ৰয়োগ কৰা, ৰোৱাৰ ২১ দিনৰ পিছত অপতৃণ নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা আৰু অপতৃণৰ বীজ যাতে ধানৰ বীজৰ লগত মিহলি নহয়, তাৰ যত্ন লব লাগে ৷
  • ধানৰ বাঢ়ন কাল, ফুল ফুলাৰ সময়ত বা ধান পৈণত হোৱাৰ সময়ত বিজতৰীয়া ধান গছ দেখিলে তেনে গছ উভালি পেলাব লাগে৷ ইয়াক ‘ৰগিং’ কৰা বোলে ৷
  • প্ৰায় ৮০-৮৫ শতাংশ ধান খেৰ বৰণীয়া হ’লে বা ধানত ২০-২২ শতাংশ আদ্ৰৰ্তা থাকোতে ধান চপাব লাগে৷
  • চপোৱাৰ পিছত যিমান পাৰি সোনকালে মৰণা মাৰি ধান শুকুৱাব লাগে৷
  • ধানৰ জাতৰ নাম আৰু চপোৱাৰ তাৰিখ লেবেল মাৰি ধানবোৰ নিৰাপদভাবে সংৰক্ষণ কৰিব লাগে৷