মজুতকৰণ

চাউল হিচাপে মজুত কৰাতকৈ ধান হিচাপে মজুত কৰিলে, ধান নষ্ট নোহোৱাকৈ বহুদিন ৰাখিব পাৰি ৷ কাৰণ ধান হিচাপে মজুত কৰি ৰাখিলে ধানৰ বাকলিটোৱেþ চাউলক কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু গুণগত মান অটুট ৰখাত সহায় কৰে৷ চাউল হিচাপে মজুত কৰি ৰাখিলে চাউল যাতে সেমেকি নাযায় আৰু ¸ কীট-পতংগ, এন্দুৰ আৰু চৰাইৰ আক্ৰমণৰ পৰা যাতে ৰক্ষা কৰিব পাৰি তাৰ বাবে সাৱধানতা লব লাগে৷

ধান হিচাপে দীঘলীয়া সময়ৰ কাৰণে মজুতকৰণ ঃ

তলৰ ব্যৱস্থা সমুহৰ জৰিয়তে ধান হিচাপে দীঘলীয়া সময়ৰ কাৰণে মজুতকৰণ কৰিব পৰা যায় ৷

  • মজুতকৰণৰ সময়ত ধানৰ আদ্ৰৰ্তা খোৱাৰ কাৰণে ৰাখিলে ১৪ শতাংশতকৈ কম আৰু বীজৰ কাৰণে ৰাখিলে ১২ শতাংশতকৈ কম থাকিব লাগে৷
  • মজুতকৰণৰ সময়ত ধান কীট পতংগ, এন্দুৰ আৰু চৰাইৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগে৷
  • ধানখিনি সেমেকি নোযোৱাকৈ ৰাখিব পৰা ব্যৱস্থা থাকিব লাগে ৷

ধান মজুতকৰণৰ পদ্ধতি ঃ

বস্তাত মজুতকৰণ পদ্ধতি ঃ

  • ধানৰ বস্তাৰ স্তুপবোৰ ৪ মিটাৰতকৈ বেছি ওখ হব নালাগে৷
  • ধানৰ বস্তাবোৰ পানী নপৰা চালিৰ তলত ৰাখিব লাগে৷
  • জাপি থোৱা ধানৰ বস্তাৰ স্তুপবোৰৰ মিটাৰ দুৰত্বত ৰাখিব লাগে৷
  • ধানৰ বস্তাবোৰ কাঠৰ তক্তাৰ ওপৰত বা শুকান মজিয়াৰ ওপৰত ৰাখিব লাগে৷
  • প্ৰয়োজন সাপেক্ষে ধোঁৱা দিব পৰাকৈ বস্তাবোৰ একেলগে ৰাখিব লাগে৷

সৰহ ধানৰ মজুতকৰণ ঃ

ঘৰৰ ভিতৰত ডুলি, কাঠ বা কংক্ৰিটৰ পাত্ৰত খোৱাৰ বাবে ধান মজুত কৰি ৰাখিব লাগে৷ মজুতকৰণৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি ভৰাঁলত হ’ব পৰা বিভিন্ন পোক-পৰুৱাৰ আক্ৰমণৰ প্ৰতিকাৰৰ ব্যৱস্থা ল’ব লাগে৷ আই আৰ আৰ আই (IRRI) ৰ ‘গ্ৰেইন ছেফ’ বা ‘কোকোন’ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সৰহ ধানৰ মজুতকৰণ সম্ভৱ হয় ৷

হাৰমেটিক বা কপকপীয়াকৈ আবদ্ধ কৰি মজুতকৰণ ঃ

আদ্ৰৰ্তা আৰু পোক-পৰুৱাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এই পদ্ধতি উপযুক্ত৷ বিভিন্ন আকাৰ আৰু আকৃতিৰ হাৰমেটিক মজুতকৰণ পাত্ৰ পোৱা যায়৷ ৫০ কিঃগ্ৰাঃ ক্ষমতা ৰ চুপাৰ বেগ এই পদ্ধতিৰ এটা উদাহৰণ ৷