অসমৰ পতিত আৰু চাপ প্ৰৱণ অঞ্চলত ভূ-স্থানিক প্ৰযুক্তিৰ জৰিয়তে কৃষি পৰিকল্পনা
ভূ-স্থানিক প্ৰযুক্তিয়ে ধান আধাৰিত শস্যক্ৰমৰ ক্ষেত্ৰ্ত শস্য প্ৰাবল্য বৃদ্ধি আৰু অসমৰ নিম্ন উৎপাদনশীলতা উৎপাদন উন্নত কৰাৰ প্ৰাথমিক লক্ষ্য প্ৰাপ্ত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। শস্যক্ৰমৰ সম্ভাৱ্না আৰু বাধাবোৰ বুজিবলৈ প্ৰচলিত শস্য প্ৰনালী আৰু জৈৱিক আৰু অজৈৱিক কাৰক আৰু সম্পদৰ বিষয়ে বিতং ভাবে , বুজাৰ প্ৰয়োজন আছে। দুৰস্ংবেদন (ৰিম'ট চেঞ্চিং), ভৌগলিক বাৰ্তা প্ৰণালী,আৰু গোলকীয় স্থান নিৰুপক ব্যৱ্স্থা এই তিনিটা প্ৰযুক্তিক একেলগে ভু-স্থানিক প্ৰযুক্তিৰ ভিতৰত ধৰা হ্য় ।
এপাৰ্টৰ অধীনত ৩৩ খন জিলাৰ বিভিন্ন মানচিত্ৰ তৈয়াৰ কৰা হৈছে। তাৰে কিছুমান পৰিকল্পনা কৰা কাৰ্যকালাপ হ’ল
- প্ৰাথমিক আৰু গৌণ ডাটা সংগ্ৰহ
- প্ৰচলিত শস্য ক্ৰম আৰু চাপ-প্ৰৱণ এলেকাৰ বিশ্লেষণ
- মেপ তৈয়াৰ কৰা
- বিভিন্ন প্ৰযুক্তিৰ ক্ষেত্ৰ প্ৰদৰ্শন
- প্ৰশিক্ষণ, মেপৰ প্ৰচাৰ, আৰু প্ৰকল্পৰ আউটপুট
এনে কিছুসংখ্যক মেপ ইয়াত দিয়া হৈছে
ৱেব জি. আই. এচ লিংক
