অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

ধানখেতিৰ প্ৰধান শত্রূ সমূহৰ ভিতৰত অপতৃণ বা বন-বাত অন্যতম৷ অপতৃণৰ কাৰণে শস্যৰ উৎপাদন কম হোৱাৰ উপৰিও উৎপাদিত শস্যৰ গুণগত মানদণ্ড ভালেখিনি হ্ৰাস পায়৷ গতিকে যথোপযুক্ত আৰু সময়োচিত অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্থা ধানখেতিৰ বাবে অপৰিহাৰ্য৷

অপতৃণবোৰে ধানগছৰ লগত মাটিৰ পৰা খাদ্য মৌল আহৰণত প্ৰতিযোগিতাত নমাৰ ফলত¸ ধানৰ উৎপাদন বৃদ্ধিত প্ৰভাৱ পেলায়৷ ১ কিঃ গ্ৰাঃ ওজনৰ শুকান অপতৃণৰ উপস্থিতিয়ে প্ৰায় ১ কিঃ গ্ৰাঃ ওজনৰ ধানৰ উৎপাদন হ্ৰাস হোৱাতো সূচায়৷ অপতৃণৰ কাৰণে হোৱা লোকচানৰ পৰিমাণ অৰ্থাৎ উৎপাদন হ্ৰাস ধান ঠন ধৰি উঠাৰ ২০-৫০ দিনৰ ভিতৰত আটাইতকৈ বেছি হয়৷ সেয়ে নিৰণিকৰণ, পোখামেলা আৰু মণিবন্ধনৰ সময়ত অতিকৈ প্ৰয়োজন৷ অপতৃণবোৰৰ গুটি মাটিত পৰিও পিছৰ শস্যৰ বাবে অনিষ্টৰ কাৰণ হ’ব পাৰে৷

অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা ঃ

  • পথাৰখন কেইবাবাৰো হাল বাই ভালদৰে চহাই ল’ব লাগে৷
  • সমানকৈ মৈয়াই লোৱা মাটিত অপতৃণৰ সমস্যা বহুখিনি কমি যায,þ কাৰণ বহুতো অপতৃণৰ বীজ পানী থাকিলে অংকুৰিত হব নোৱাৰে৷
  • যিবোৰ ধানৰ জাত সোনকালে মাটিত ঠন ধৰি শক্তিশালী হৈ উঠে তেনে জাতসমুহ বাচনি কৰা উচিত৷
  • ধানৰ বীজসমূহত অপতৃণৰ বীজ থাকিব নালাগে৷
  • ধানৰ বাঢ়ন কালত পথাৰত যাতে পানী থাকে তাৰ ব্যৱস্থা লোৱা উচিত ৷
  • প্ৰথমবাৰ নিৰণিকৰণ ধান ৰোৱাৰ ২-৩ সপ্তাহৰ পিছত আৰু দ্বিতীয়বাৰ তাৰ পিছৰ ১২- ৩ সপ্তাহৰ পিছত কৰিব লাগে৷ নিৰণিকৰণ সদায় সাৰ প্ৰয়োগৰ আগতে কৰিব লাগে৷
  • অপতৃণ নিয়ন্ত্ৰণৰ আন এটা উপায় হ’ল ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ৷ অপতৃণ নাশক ৰাসায়নিক দ্ৰব্যৰ ভিন্নতা,ধানত ইয়াৰ প্ৰভাৱ আৰু বিভিন্ন প্রক্রিয়াৰ কাৰণে সদায় অভিজ্ঞ লোকৰ পৰামৰ্শ ক্ৰমেহে ব্যৱহাৰ কৰা উচিত৷
  • ‘বন গজাৰ আগতে প্ৰয়োগ কৰা’ অপতৃণনাশক, কঠীয়া ৰোৱাৰ পিছত বন গজাৰ আগতে প্ৰয়োগ কৰিব লাগে৷
  • অপতৃণৰ ‘গজাৰ পিছত প্ৰয়োগ কৰা’ অপতৃণ নাশক (Postemergence herbicides) বোৰ ধান সিচাঁৰ বা ৰোৱাৰ ১৫-২৫ দিন পিছত যেতিয়া অপতৃণৰ ২-চ্ছ্ৰ পাত থাকে তেতিয়া প্ৰয়োগ কৰিব লাগে৷
  • অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ বিষাক্ত৷ সঠিক ভাবে প্ৰয়োগ নকৰিলে পৰিবেশ তথা মানুহৰ স্বাস্থ্যৰ বাবে অপকাৰী হব পাৰে ৷ সৰু ল’ৰা-ছোৱালীক এনে দ্ৰব্যৰ পৰা সদায় আতঁৰত ৰখা উচিত৷
  • অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ ছটিওৱাৰ সময়ত সম্পূৰ্ণ শৰীৰ কাপোৰেৰে আৱৰি ৰখা উচিত আৰু মুখ খন কাপোৰ বা মুখাৰে বন্ধ কৰি ল’ব লাগে৷
  • অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ ছটিওৱাৰ সময়ত ‘ৰেইন কোট’ পিন্ধিব নালাগে ৷ ৰেইন কোট পিন্ধিলে শৰীৰতো ঘামি থাকে ৷
  • ৰাসায়নিক দ্ৰৱ্যসমূহ প্ৰয়োগ কৰা সময়ত পানী বা আন কোনো বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে ৷