বানপানী সহনশীল ৰোৱা শালি ধানৰ উন্নত কৃষি পদ্ধতি

বানপানী ‎ সহনশীল ধানৰ জাত

অধিক উৎপাদনশীল দীৰ্ঘ কৃষি কালৰ স্বৰ্ণ-চাব ১ , ৰণজিৎ -চাব ১, আৰু বাহাদুৰ- চাব ১, নামৰ ধানৰ জাত কেইটা পানীৰ তলত দুসপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ পানীৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি সহনশীলতাৰ পৰিমাণ কম বেছি হব পাৰে৷ বানপানী হৈ যোৱাৰ পিছত অথবা আগত তেনে অৱস্থাত, অধিক উৎপাদনক্ষম, হস্ৰ কৃষিকালীন, বানপানী সহনশীল ধানৰ জাত ‘বিনাধান ১১, ’ [চিহেৰাং-চাব ১ ] ৰ খেতি কৰিব পাৰি৷

এই ‎জাতকেইটাৰ বৈশিষ্ট্য হ’ল

বিনাধান ১১:

  • বৈশিষ্ট্য: এই জাতটো ইণ্ডোনেচিয়াৰ চিহেৰাং জাতৰ বানপানী সহনশীল সংস্কৰণ৷ জাতটোৱে ২ সপ্তাহ পৰ্যন্ত পানীৰ তলত থাকিব পাৰে৷
  • পিতৃ মুল: আই আৰ আৰ আই ১৪৯, চিহেৰাং
  • অধিসূচনা জাৰিকৰণৰ সময়: ২০১৫ [অসম, ত্ৰিপুৰা, পশ্চিমবংগ]
  • কৃষিকালঃ শালি ধানৰ বতৰত ১১৫-১২০ দিন , বৰো ধানৰ বতৰত ১৩৫ দিন হব পাৰে
  • খেতিৰ বাবে উপযোগী মাটি : মধ্যমীয়া দ’ মাটি আৰু অগভীৰ দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি
  • উচ্ছতা : ১০৭-১১৫ ছেঃমিঃ
  • উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.৫-৬.০ টন

স্বৰ্ণ-চাব ১:

  • বৈশিষ্ট্য : এই জাতবিধে পানীৰ তলত ২ সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ এই জাতটো উৰিষ্যা, পশ্চিম বংগ, বিহাৰ আৰু পূৱ ভাৰতৰ অন্য ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন বানপীড়িত অঞ্চলত বহুলভাৱে খেতি কৰা হয়৷
  • পিতৃমুল: স্বৰ্ণ*৩ / আই. আৰ. ৪৯৮৩০-৭-১-২-২
  • অধিসূচনা জাৰিকৰণৰ সময়ঃ ২০০৯
  • কৃষিকাল : ১৪০-১৪৫ দিন
  • খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মোটা
  • উচ্ছতা :১০০ ছেঃমিঃ
  • উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.৫-৬.৫ টন

বাহাদুৰ -চাব ১:

  • বৈশিষ্ট্য : পানীৰ তলত দুই সপ্তাহ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷
  • পিতৃমুল : বাহাদুৰ /স্বৰ্ণ-চাব ১/ বাহাদুৰ
  • অধিসূচনা জাৰি কৰা সময় :- ২০১৮
  • কৃষিকালঃ-১৫০-১৫৫ দিন
  • খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰঃ মধ্যমীয়া মোটা
  • উচ্ছতা : ১১৫ ছেঃমিঃ
  • উৎপাদন :প্ৰতি হেক্টৰত ৫-৫.৫ টন

স্বৰ্ণজিৎ-চাব ১ :

  • বৈশিষ্ট্য :- পানীৰ তলত দুই সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷
  • পিতৃ মুল : ৰণজিৎ/ স্বৰ্ণ- চাব ১/ৰণজিৎ
  • অধিসূচনা জাৰিকৰণৰ সময়ঃ- ২০১৮
  • কৃষিকাল : ১৫০-১৫৫
  • খেতিৰ বাবে উপযোগী মাটি :- দ’ মাটি
  • ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি
  • উচ্ছতা : ১১৫ ছেঃমিঃ
  • উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.০-৫.৫ টন

বীজৰ গুণাগুণ আৰু শোধন

বীজৰ গুণাগুণ : ধানখেতিৰ বাবে সুবীজ ব্যৱহাৰ কৰিব লাগে৷ সুবীজ বোৰৰ তলত উল্লিখিত গুণবোৰ থাকে

পৰিষ্কাৰ: বীজৰ মাজত শিল, বালি অথবা অপতৃণৰ বীজ নাথাকে৷

বিশুদ্ধ :বংশগত ভাবে মিল থকা এটা জাতৰ বীজহে বস্তা বা মোনাত থাকে৷

সুস্থ : বীজবোৰ পৰিপূৰ্ণ, একৰঙী আৰু ফাঁট বা দাগ নাথাকে৷

বীজ বাচনি বীজবোৰ পানীত তিঁয়াই ভালদৰে মিহলি দিয়া হয়৷ ওপঙি থকা পতানবোৰ আঁতৰাই দিব লাগে আৰু পাত্ৰৰ তলত পৰাখিনি বীজ হিচাপে লব লাগে৷

বীজ শোধন বীজ শোধনৰ জৰিয়তে ডেম্পিং অফ, শুকাই যোৱা [ উইল্ট আৰু শিপা পচা [ ৰুত ৰ’ত] বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ বীজ বাচনি কৰাৰ পিছত প্ৰতি কিঃ গ্ৰাঃ বীজ ২.০ গ্ৰাম ক্ল’ৰথেলনিল ৭৫ % ডাব্লিঅ পি বা ২.৫ গ্ৰাম কাৰ্বস্কিন বা ট্ৰাইফ্লক্সিস্ত্ৰবিন ২৫ % ডাব্লিঅ পি ১ লিটাৰ পানীৰ লগত মিহলি কৰি ১২ ঘণ্টাৰ কাৰণে ডুবাই ৰাখিব লাগে৷ তাৰ পাছত ৪৮-৭২ ঘন্টা গাপ দি থ’ব লাগে৷

সাৱধানতা প্লাষ্টিক হাতমোজা পিন্ধিহে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে৷

কঠীয়াতলীৰ যতন আৰু ব্যৱস্থাপনা

কঠীয়া পৰাৰ সময়ঃ মে’ মাহৰ শেষৰ সপ্তাহৰ পৰা জুন মাহৰ প্ৰথম সপ্তাহ

বীজৰ পৰিমাণ প্ৰতি হেক্টৰত ৪০ কিল’গ্ৰাম

কঠীয়াতলীৰ জোখ:এক হেক্টৰ মূলখেতিপথাৰৰ বাবে ৭৫০ ৰ পৰা ১০০০ বৰ্গমিটাৰ কঠীয়াতলীৰ প্ৰয়োজন৷ কঠীয়াতলীখন ১০ মিটাৰ দীঘল, ১৫ ছেঃমি ওখ হোৱাৰ লগতে ‎ দুটা ভেটিৰ মাজত ৬০ ছেঃমি বহল নলা থাকিব লাগে৷ সুবিধা অনুযায়ী কঠীয়াতলী খনৰ আকাৰ সলনি হব পাৰে যদিও মূল পথাৰৰ ১০ ভাগৰ ৰ ভাগতকৈ বেছি মাটি কঠীয়াতলীৰ বাবে লব নালাগে৷

জলসিঞ্চন কঠীয়াতলীখন শুকাই যাব দিব নালাগে৷ কঠীয়া উঠোৱাৰ ২-৩ দিন আগলৈকে ২-৩ ছেঃমি পানী কঠীয়াতলীত থাকিব লাগে৷

শস্য ৰক্ষা অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুমোদন অনুসৰি শস্যৰক্ষাৰ ব্যৱস্থা কৰিব লাগে৷

কঠীয়া উপচাৰণ: কঠীয়া উঠোৱাৰ পিছত শিপা বিলাক ধুই লব লাগে৷ ০.২৫ গ্ৰাম ফ্লুবেন্দিআমাইড ২০ % ডাব্লিঅ গি ১ লিটাৰ পানীত বা ০.২০ গ্ৰাম থিঅ’মেথ’ক্সাম ২৫ % ডাব্লিঅ গি মিহলাই আৰু ১০ গ্ৰাম ইউৰিয়া ১ লিটাৰ পানীত মিহলাই লব লাগে৷ প্ৰয়োজন অনুসৰি মিশ্ৰণ তৈয়াৰ কৰি কঠীয়াৰ শিপাখিনি তিনি ঘন্টা মিশ্ৰণটোত ‎‎হিচাপে ডুবাই ৰাখিব লাগে৷ বিকল্প হিচাপে থিঅ’মেথ’ক্সাম ২৫ % ডাব্লিঅ গি ০.২০ গ্ৰাম ১ লিটাৰ পানীত মিহলাই কঠীয়া তোলাৰ ৫-৭ দিন আগত প্ৰয়োগ কৰিব পাৰি৷

কঠীয়াতলীত সাৰ ব্যৱস্থাপনা

কেতিয়া প্ৰয়োগ কৰিব ? সাৰৰ নাম পৰিমাণ [গ্ৰাম প্ৰতি বৰ্গ মিটাৰ ] [কিল’গ্ৰাম প্ৰতি ১০০০ বৰ্গ মিটাৰ ] কেনেকৈ প্ৰয়োগ কৰিব ?
ডিএপি দিলে এচএচ পি দিলে
বীজ সিঁচাৰ সময়ত পচন সাৰ ২০০০ ২০০০ মাটিৰ লগত মিহলাই দিব লাগে
ইউৰিয়া
ডি এ পি -
এচ এচ পি -
এম ও পি

মূলপথাৰ প্ৰস্তুতি

  • দেশী নাঙলেৰে চাৰি বাৰ হালবাই লৈ মৈয়াব লাগে৷
  • এবাৰ মলব’ৰ্ড হাল ব্যৱহাৰ কৰি তাৰ পাছত এবাৰ বা দুবাৰ মৈয়ালেও মাটিখিনি ভাল বোকা হয়৷
  • মূল পথাৰত কঠীয়া ৰোৱাৰ কমেও তিনি সপ্তাহৰ আগত পথাৰত হালবোৱা আৰম্ভ কৰিব লাগে৷ দুবাৰ হাল বোৱাৰ মাজত কেইদিনমানৰ ব্যৱধান ৰাখিব লাগে যাতে নতুনকৈ গজা অপতৃণবোৰ পিছৰবাৰ হালবোৱা সময়ত পোত খাই যায়৷
  • মূল পথাৰখন প্ৰস্তুত কৰাৰ পূৰ্বে পচনসাৰ দিব লাগে আৰু হালবোৱা সময়ত মিহলি কৰি দিব লাগে৷
  • পথাৰৰ আলিবোৰ মেৰামতি কৰিব লাগে৷ এন্দুৰৰ গাঁতবোৰ আৰু আলিৰ কাষসমূহ কাটি মেৰামতি কৰিব লাগে৷ কেঁকোৰা-কুচিয়াৰ গাঁতবোৰ নিৰীক্ষণ কৰি বন্ধ কৰি দিব ‎লাগে যাতে অলক্ষিতে পথাৰৰ পানী নাইকিয়া হৈ নাযায়৷
  • পাতল পানী তৰপ এটা ৰাখি পথাৰখন ভালকৈ সমান কৰিব লাগে৷
  • তলৰ টেবুলত থকা ধৰণে মাটি চহোৱাৰ সময়ত ইউৰিয়া প্ৰয়োগ কৰিব লাগে৷

কঠীয়া ৰোপণ পদ্ধতি

  • দীৰ্ঘ কৃষিকালৰ জাতৰ ৩০-৩৫ দিনীয়া কঠীয়া, মধ্যমীয়া কৃষিকালৰ ২৫-৩০ দিনীয়া কঠীয়া আৰু কম কৃষিকালৰ ২০-২৫ দিনীয়া কঠীয়া মূল পথাৰত ৰোৱাৰ বাবে উপযুক্ত৷
  • কঠীয়াবোৰ ২০-২৫ ছেঃমি:x১৫ ছেঃমিঃ দূৰত্বত ব্যৱধানত ৰুব লাগে৷
  • প্ৰতিটো গোছাত ২ বা ৩ ডাল কঠীয়া থাকিব লাগে৷
  • কঠীয়া ৪-৫ ছেঃমি: গভীৰতাত পুতিব লাগে৷

সাৰ প্ৰয়োগ

সাৰ প্ৰয়োগৰ অনুমোদিত পৰিমাণ হ’ল প্ৰতি হেক্টৰত ৬০-২০-৪০-৫ [ নাইট্ৰ’জেন- ফচফৰাছ - পটাছিয়াম -জিংক ]৷ ইউৰিয়া তলত দিয়া ধৰণে তিনিভাগ কৰি প্ৰয়োগ কৰিব লাগে৷ মাটি চাহৰ সময়ত এভাগ আৰু বাকী দুভাগ ধানৰ সৰ্বাধিক পোখা মেলা আৰু গেঁৰ ধৰাৰ সময়ত টপড্ৰেচিং কৰিব লাগে৷ ইউৰিয়া তলত দিয়া ধৰণে তিনিভাগ কৰি প্ৰয়োগ কৰিব লাগে৷ মাটি চাহ কৰাৰ সময়ত এভাগ আৰু বাকী দুভাগ ধানৰ সবাৰ্ধিক পোখা মেলা আৰু গেঁৰ ধৰাৰ আৰম্ভণিতে টপড্ৰেচিং কৰিব লাগে৷ বানপানী হৈ যোৱাৰ ৫-৬ দিনৰ পাছত প্ৰতি হেক্টৰত ৪৫ কিল’গ্ৰাম ইউৰিয়া আৰু ৩৩ কিল’গ্ৰাম পটাছ অতিৰিক্তভাৱে প্ৰয়োগ কৰিব লাগে৷

কেতিয়া প্ৰয়োগ কৰিব ? সাৰৰ নাম পৰিমাণ কেনেকৈ প্ৰয়োগ কৰিব ?
([কিঃগ্ৰাঃ প্ৰতি হেক্টৰ] [কিঃগ্ৰাঃ প্ৰতি হেক্টৰ]
ডিএপি দিলে এচএচ পি দিলে ডিএপি দিলে এচএচ পি দিলে
চাহ কৰাৰ সময়ত ইউৰিয়া ২৩ ৪০ মাটিৰ লগত মিহলাই দিব লাগে
ডি এ পি ৪৩ - -
এচ এচ পি - ১২৫ - ১৬.৭
এম ও পি ৬৭ ৬৭
জিংক চালফেট ২৫ ২৫
পোখা মেলা সময়ত [ৰোৱাৰ ২০-২৫ দিন পিছত]প্ৰথম বাৰ নিৰণিৰ পিছত ইউৰিয়া ৪৫ ৪৫ টপ ড্ৰেচিং
গেঁৰ ধৰাৰ আৰম্ভণিৰ সময়ত [ৰোৱাৰ ৪০-৪৫ দিন পিছত] দ্বিতীয় বাৰ নিৰণিৰ পিছত ইউৰিয়া ৪৫ ৪৫ টপ ড্ৰেচিং

মনত ৰাখিবলগীয়া কথা

  • ধানত ‘বেক্টেৰিয়েল লিফ ব্লাইত ’ বেমাৰৰ লক্ষণ দেখিলে ইউৰিয়া প্ৰয়োগ কৰিব নালাগে৷
  • জিংক কম থকা থকা মাটিত প্ৰতি তিনিবছৰ মুৰত জিংক ছালফেট মাটিত প্ৰয়োগ কৰিব লাগে৷
  • সম্ভৱপৰ অৱস্থাত সাৰ দিয়াৰ আগতে পথাৰৰ বন্ধ পানীখিনি উলিয়াই দিব লাগে৷

অপতৃণ নিয়ন্ত্ৰণ

ধানৰ প্ৰাৰম্ভিক পৰ্যাত অপতৃণ নিয়ন্ত্ৰণত গুৰুত্ব দিব লাগে কাৰণ এই সময়ত অপতৃণ বিলাকে বেছি প্ৰভাব পেলায়৷ অৱশ্য পিছৰ পয্যৰ্য়তো অপতৃণ নিয়ন্ত্ৰণত গুৰুত্ব দিব লাগে৷ কঠীয়া ৰোৱাৰ ৩ সপ্তাহৰ পিছত প্ৰথম বাৰ আৰু ৬ সপ্তাহৰ পিছত দ্বিতীয়বাৰ পাৱাৰ উইদাৰ বা উইদাৰ বা কোৰেৰে নিৰণি কৰিব লাগে৷

অপতৃণনাশক প্ৰয়োগ :অপতৃণনাশকবোৰ ‘ফ্লেট ফেন নজ’ল’ থকা মাল্টি নজ’লেৰে প্ৰয়োগ কৰিব লাগে৷ প্ৰয়োগ কৰাৰ সময়ত অপতৃণনাশকবোৰৰ পথাৰত সমবিতৰন হবলৈ নতুনকৈ প্ৰয়োগ কৰা দৰবখিনিয়ে আগৰবাৰৰ আগুৰা ঠাই খিনিৰ ২৫ শতাংশ আগুৰিব লাগে৷

‘অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰা অপতৃণনাশক’ [ Pre emergence Herbicide) ঃ অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰা অপতৃণনাশক’ বোৰ প্ৰয়োগ কৰোঁতে মাটিখিনি ভিজি থাকিব লাগে৷ ভিজি নাথাকিলে অপতৃণনাশকবোৰ কাৰ্যক্ষম নহয়৷ কঠীয়া ৰোৱাৰ পিছত আৰু অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰিব লাগে৷ এই অপতৃণনাশক বোৰ ৰোৱাৰ ২-৩ দিন পিছত ৩-৪ ছেঃমিঃ পথাৰত পানী থকা অৱস্থাত প্ৰয়োগ কৰিব লাগে৷ অপতৃণ গজাৰ আগতে প্ৰয়োগ কৰা অপতৃণনাশক বোৰ প্ৰয়োগ কৰাৰ পিছত এবাৰ হাতেৰে নিৰনীকৰণ কৰিলে সুফল পোৱা যায়৷

‘অপতৃণ গজাৰ পিছত প্ৰয়োগ কৰা অপতৃণ নাশক’ (Post emergence Herbicide) : ধান সিঁচা বা ৰোৱাৰ ১৫-২৫ দিন পিছত যেতিয়া অপতৃণৰ ৩-৪ টা পাত থাকে তেতিয়া প্ৰয়োগ কৰিব লাগে৷ সেই সময়ত পথাৰত বন্ধ পানী থাকিব নালাগে৷এক হেক্টৰ মাটিত প্ৰয়োগ কৰিবলৈ ৩০০ লিটাৰ স্প্ৰে দ্ৰৱৰ প্ৰয়োজন হয়৷

অপতৃণনাশক প্ৰয়োগ কৰাৰ সময়ত লবলগীয়া সাবধানীয়তা

  • প্ৰয়োগ কৰাৰ আগতে অপতৃণনাশকৰ বটলটোৰ লেবেলখন পঢ়ি চাই, ই কিমান বিষাক্ত আৰু প্ৰয়োগ কৰাৰ সময়ত লব লগা সাৱধানতাৰ বিষয়ে জানি লব লাগে৷
  • অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগ কৰা সময়ত সম্পূৰ্ণ শৰীৰ কাপোৰেৰে আৱৰি ৰখা উচিত৷ অপতৃণনাশক ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগ কৰা সময়ত মুখ কাপোৰ বা মুখাৰে বন্ধ কৰি ল’ব লাগে৷
  • ৰাসায়নিক দ্ৰব্যসমূহ প্ৰয়োগ কৰা সময়ত ব্যৱহাৰ কৰা কাপোৰ বোৰ সূকীয়াকৈ ধুবৰ ব্যৱস্থা কৰিব লাগে৷
প্ৰয়োজন সাপেক্ষে তলত দিয়া অপতৃণনাশক প্ৰয়োগ কৰিব লাগেঃ
অপতৃণনাশকৰ প্ৰকাৰ ৰাসায়নিক নাম পৰিমাণ (এ. আই প্ৰতি হেক্টৰ) অপতৃণৰ প্ৰকাৰ প্ৰয়োগ কৰা সময় প্ৰয়োগ কৰিবলগীয়া পৰিমাণ ( প্ৰতি হেক্টৰত গ্ৰাম বা মিঃলিঃ) প্ৰয়োগ কৰিবলগীয়া পৰিমাণ ( প্ৰতি বিঘাত গ্ৰাম বা মিঃলিঃ)
অপতৃণ গজাৰ আগত প্ৰেটিলাক্ল’ৰ ৫০%ইচি ৭৫০ সৰুপতীয়া বন সৰুপতীয়া বন ৰোৱাৰ ২-৩ দিন পিছত ১৫০০ মিঃলিঃ ২০০
পাইৰাযোছালফিউৰণ ১০ % ডবলিঅ পি ২৫ সৰুপতীয়া বন (মুঠা জাতীয়) কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২-৩ দিন পিছত ১৮৭.৫ মিঃলিঃ ২৫
অক্সাদাইৰগিল ৮০ % ডবলিঅ পি - সৰুপতীয়া বন কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২-৩ দিন পিছত ১২৫ গ্ৰাম 17
অপতৃণ গজাৰ পিছত বিছপাইৰিবেক ছডিয়াম ১০ % ই চি ২৫ সৰুপতীয়া বন (মুঠা জাতীয়) কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২০-২৫ দিন পিছত ২৫০ গ্ৰাম ৩৩
ক্লৰিমিউৰণ ইথাইল ১০ % ডবলিঅ পি লগতে মিথাইল ১০% গ্ৰাম/হেক্টৰ (এলমিক্স ২০ % ডবলিঅ পি ) ২৫ বহলপতীয়া বন কিছুসংখ্যক মুঠা জাতীয় বন ৰোৱাৰ ২০-২৫ দিন পিছত ২০ গ্ৰাম
পাইৰাযোছালফিউৰণ ১০ % ডবলিঅ পি ২৫ সৰুপতীয়া বন (মুঠা জাতীয়) কিছুসংখ্যক বহলপতীয়া বন ৰোৱাৰ ২০-২৫ দিন পিছত ২৫০ গ্ৰাম ৩৩

তলত দিয়া অপতৃণনাশক সমূহ অপতৃণনাশকৰ ভিন্নতা অনুযায়ী ক্ৰম অনুসৰিপ্ৰয়োজন সাপেক্ষে প্ৰয়োগ কৰিব পাৰি

  • প্ৰেটিলাক্ল’ৰ প্ৰয়োগ কৰাৰ পিছত বিছপাইৰিবেক ছডিয়াম প্ৰয়োগ কৰিব পাৰি৷
  • প্ৰেটিলাক্ল’ৰ প্ৰয়োগ কৰাৰ পিছত বিছপাইৰিবেক ছডিয়াম লগতে পাইৰাযোছালফিউৰণ প্ৰয়োগ কৰিব পাৰি৷
  • প্ৰেটিলাক্ল’ৰ প্ৰয়োগ কৰাৰ পিছত বিছপাইৰিবেক-ছডিয়াম লগতে পাইৰাযোছালফিউৰণ প্ৰয়োগ কৰি তাৰ পিছত হাতেৰে নিৰণি কৰিব লাগে ।

জলসিঞ্চন :শালি খেতিৰ বতৰত বৰষুণ নহলে পথাৰত পানী শুকোৱাৰ ৩ দিন পিছত ৫ ছেমি পানী দিব লাগে৷

শস্য ৰক্ষা :অসমৰ বাবে থকা শস্য ৰক্ষাৰ অনুমোদন অনুসৰি শস্যৰক্ষাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

ধান চপোৱা

  • পথাৰত ৮০-৮৫ শতাংশ ধান গুটি খেৰ বৰণীয়া হলে ধান চপাব লাগে৷
  • চপোৱা ধানবোৰ পথাৰত বেছি সময়ৰ কাৰণে ৰাখিব নালাগে আৰু পথাৰত শুকুৱাব নালাগে৷ ধানৰ থোকবোৰ শুকানকৈ ৰাখিব লাগে৷
  • ধান চপোৱাৰ দুদিনৰ ভিতৰত মৰণা মাৰি শুকুৱাব লাগে৷ যান্ত্ৰিক ভাবে শুকুৱাৰ ব্যৱস্থা নাথাকিলে এখন প্লাষ্টিক বা মেটত ৩-৪ ছেঃ মিঃ ডাঠ কৈ ধানখিনি ৰ’দত শুকুৱাব লাগে৷
  • ধানবোৰ ভালদৰে পৰিষ্কাৰ কৰাৰ পিছত শীতল, শুকান আৰু পৰিষ্কাৰ ঠাইত সংৰক্ষণ কৰিব লাগে৷