চাপ সহনশীল ধানৰ জাত
বানপানী সহনশীল ধানৰ জাত

বিনাধান ১১
বৈশিষ্ট্য: এই জাতটো ইণ্ডোনেচিয়াৰ চিহেৰাং
...
বিনাধান ১১

- বৈশিষ্ট্য: এই জাতটো ইণ্ডোনেচিয়াৰ চিহেৰাং জাতৰ বানপানী সহনশীল সংস্কৰণ৷ জাতটোৱে ২ সপ্তাহ পৰ্যন্ত পানীৰ তলত থাকিব পাৰে৷
- পিতৃ মুল: আই আৰ আৰ আই ১৪৯, চিহেৰাং
- অধিসূচনা জাৰিকৰণৰ সময়: ২০১৫ [অসম, ত্ৰিপুৰা, পশ্চিমবংগ]
- কৃষিকালঃ শালি ধানৰ বতৰত ১১৫-১২০ দিন , বৰো ধানৰ বতৰত ১৩৫ দিন হব পাৰে
- খেতিৰ বাবে উপযোগী মাটি : মধ্যমীয়া দ’ মাটি আৰু অগভীৰ দ’ মাটি
- ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি
- উচ্চতা : ১০৭-১১৫ ছেঃমিঃ
- উৎপাদন : প্ৰতি হেক্টৰত ৫.৫-৬.০ টন

স্বৰ্ণ-চাব ১
বৈশিষ্ট্য : এই জাতবিধে পানীৰ তলত ২ সপ্তাহ পৰ্যন্ত ...
স্বৰ্ণ-চাব ১

- বৈশিষ্ট্য : এই জাতবিধে পানীৰ তলত ২ সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ এই জাতটো উৰিষ্যা, পশ্চিম বংগ, বিহাৰ আৰু পূৱ ভাৰতৰ অন্য ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন বানপীড়িত অঞ্চলত বহুলভাৱে খেতি কৰা হয়৷
- পিতৃমুল: স্বৰ্ণ*৩ / আই. আৰ. ৪৯৮৩০-৭-১-২-২
- অধিসূচনা জাৰিকৰণৰ সময়ঃ ২০০৯
- কৃষিকাল : ১৪০-১৪৫ দিন
- খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি
- ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মোটা
- উচ্চতা :১০০ ছেঃমিঃ
- উৎপাদন : প্ৰতি হেক্টৰত ৫.৫-৬.৫ টন

বাহাদুৰ -চাব ১
বৈশিষ্ট্য : পানীৰ তলত দুই সপ্তাহ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷
বাহাদুৰ -চাব ১

- বৈশিষ্ট্য : পানীৰ তলত দুই সপ্তাহ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷
- পিতৃমুল : বাহাদুৰ /স্বৰ্ণ-চাব ১/ বাহাদুৰ
- অধিসূচনা জাৰি কৰা সময় :- ২০১৮
- কৃষিকালঃ-১৫০-১৫৫ দিন
- খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি
- ধানৰ গুটিৰ প্ৰকাৰঃ মধ্যমীয়া মোটা
- উচ্চতা : ১১৫ ছেঃমিঃ
- উৎপাদন :প্ৰতি হেক্টৰত ৫-৫.৫ টন

ৰণজিৎ-চাব ১
বৈশিষ্ট্য :- পানীৰ তলত দুই সপ্তাহ পৰ্যন্ত জীয়াই ...
ৰণজিৎ-চাব ১

- বৈশিষ্ট্য :- পানীৰ তলত দুই সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷
- পিতৃ মুল : ৰণজিৎ/ স্বৰ্ণ- চাব ১/ৰণজিৎ
- অধিসূচনা জাৰিকৰণৰ সময়ঃ- ২০১৮
- কৃষিকাল : ১৫০-১৫৫
- খেতিৰ বাবে উপযোগী মাটি :- দ’ মাটি
- ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি
- উচ্চতা : ১১৫ ছেঃমিঃ
- উৎপাদন : প্ৰতি হেক্টৰত ৫.০-৫.৫ টন
খৰাং সহনশীল ধানৰ জাত

ডি আৰ আৰ ধান ৪৬
ডি আৰ আৰ ধান ৪৬ বৈশিষ্ট্য : এই জাত বিধ উচ্চ উৎপাদনক্ষম আৰু কম কৃষিকালৰ৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি৷ শালি আৰু আহু ধানৰ বতৰত ইয়াৰ খেতি কৰিব পাৰি৷ ই খৰাং সহ্য কৰিব পাৰে আৰু খৰাং বতৰৰ অন্য ধানৰ জাত তকৈ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি হেক্টৰত ...
ডি আৰ আৰ ধান ৪৬

ডি আৰ আৰ ধান ৪৬ বৈশিষ্ট্য : এই জাত বিধ উচ্চ উৎপাদনক্ষম আৰু কম কৃষিকালৰ৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি৷ শালি আৰু আহু ধানৰ বতৰত ইয়াৰ খেতি কৰিব পাৰি৷ ই খৰাং সহ্য কৰিব পাৰে আৰু খৰাং বতৰৰ অন্য ধানৰ জাত তকৈ উৎপাদনৰ ক্ষেত্ৰত প্ৰতি হেক্টৰত ১.০-২.০ টন অধিক উৎপাদন দিয়ে৷
- অধিসূচনা জাৰিকৰণৰ সময় : ২০১৬
- কৃষিকাল : ১১৫-১২০ দিন
- খেতিৰ বাবে উপযোগী মাটি: ওখ মাটি আৰু অগভীৰ দ’ মাটি
- ধানৰ গুটিৰ প্ৰকাৰ : দীঘলীয়া মিহি
- উচ্চতা :১০০-১০৫ ছেঃমিঃ
- উৎপাদন : প্ৰতি হেক্টৰত ৪.৫-৭.০ টন

ডি আৰ আৰ ধান ৪৪
ডি আৰ আৰ ধান ৪৪ বৈশিষ্ট্য : এই ধানৰ জাতটোৰ খেতি ভাৰতবৰ্ষ আৰু হদ্ৰিনাথ ৩ নামেৰে নেপালত অলপতে মুকলি কৰা হৈছে৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট উন্নত আৰু খৰাং সহনশীল ৷ এই জাতটো ‘ব্লাষ্ট’ ৰোগ প্ৰতিৰোধী আৰু ‘বেক্টেৰিয়েল লিফ ব্লাইট’ নামৰ ৰোগ বিধৰ কম পৰিমাণে প্ৰতিৰোধী গুণ সম্পন্ন ৷
ডি আৰ আৰ ধান ৪৪

ডি আৰ আৰ ধান ৪৪বৈশিষ্ট্য : এই ধানৰ জাতটোৰ খেতি ভাৰতবৰ্ষ আৰু হদ্ৰিনাথ ৩ নামেৰে নেপালত অলপতে মুকলি কৰা হৈছে৷ ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট উন্নত আৰু খৰাং সহনশীল ৷ এই জাতটো ‘ব্লাষ্ট’ ৰোগ প্ৰতিৰোধী আৰু ‘বেক্টেৰিয়েল লিফ ব্লাইট’ নামৰ ৰোগ বিধৰ কম পৰিমাণে প্ৰতিৰোধী গুণ সম্পন্ন ৷
- অধিসূচনা জাৰিকৰণৰ সময় :২০১৬
- কৃষিকাল : ১১৫-১২০ দিন
- খেতিৰ বাবে উপযোগী মাটি : ওখ মাটি আৰু অগভীৰ দ’ মাটি
- ধানৰ গুটিৰ প্ৰকাৰ : দীঘলীয়া মিহি
- উচ্চতাঃ ১০০-১০৫ ছেঃমিঃ
- উৎপাদন: প্ৰতি হেক্টৰত ৫-৫.৫ টন