পানীৰ ব্যবস্থাপনা

ধানখেতিত পানীৰ আৱশ্যকতা বেছি৷ পানী নহ’লে ধানখেতিত নিৰ্ধাৰিত উৎপাদন সম্ভৱ নহয়৷ যিকোনো শস্যৰ খেতিত দিয়া পানীৰ পৰিমাণ গছৰ বৃদ্ধিৰ সময়ছোৱাত সালোকসংশ্লেষণ আৰু বাস্পীভূত হোৱা পানীৰ পৰিমাণৰ লগত সমান বা অলপ বেছি হ’ব লাগে৷ এক কিঃগ্ৰাঃ ধান উৎপাদনৰ বাবে প্ৰায় ২০০০ লিটাৰ বা ২ ঘন লিটাৰ পানীৰ প্ৰয়োজন হয়৷ পানীৰ সদব্যৱহাৰৰ ওপৰতে ধানৰ শ্ৰীবৃদ্ধি আৰু উৎপাদন বহুখিনি নিৰ্ভৰ কৰে৷ পানীৰ সদব্যৱহাৰৰ বাবে তলৰ ব্যৱস্থাসমূহ লব লাগে ৷

  • পথাৰৰ আলিবোৰ ভালকৈ দিব লাগে৷
  • পথাৰখন মৈয়াই সমান কৰিব লাগে৷
  • পোনপটীয়াকৈ মুলপথাৰত বীজ সিঁচাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে৷
  • সঠিক সময়ত শস্য চপাব লাগে৷

পানীৰ গুণাগুণ

ধানৰ বৃদ্ধি পৰ্যায়ত ধানৰ গেঁৰধৰা কাম সম্পন্ন হোৱা বাবে এই সময়ত বিশুদ্ধ পানী যোগান ধৰাটো আৱশ্যক৷ সাধাৰনতে অসমৰ পানী নিমজ্জিত পথাৰত লোৰ আধিক্য হোৱা দেখা যায় ৷

  • জলসিঞ্চনৰ দ্বাৰা পানী প্ৰয়োগ কৰিলে সম্ভৱ হলে নলা খান্দি পানী খিনি দূৰলৈ নিবিয়পাই দিব লাগে যাতে লোৰ আধিক্য কম হয়৷
  • কেঁচা গোবৰ মাটিৰ নলা বিলাকত প্ৰয়োগ কৰিব লাগে বা পথাৰত প্ৰয়োগ কৰি মিহলি কৰি দিব লাগে ৷
  • ধাননি খন খোচৰি দিলে বা হাঁহ পথাৰত চৰিলে লোৰ আধিক্যৰ সমস্যা কম হয় ৷
  • এই সমস্যাৰ পৰা মুক্ত হবলৈ পটাছ যুক্ত সাৰ অনুমোদন অনুযায়ী অধিক পৰিমাণত প্ৰয়োগ কৰি¸ মাটিত মিহলি কৰি দিব লাগে ৷
  • জলনিষ্কাষণৰ ব্যৱস্থা নথকা পথাৰত সঘনাই পানীৰে পুৰ্ণ হৈ থাকিলে লোৰ আধিক্য বেছি হয় ৷
  • পুনঃ সিক্ত আৰু শুষ্ককৰণ পদ্ধতিৰ (Alternate Wetting and Drying) যোগেদি জলসিঞ্চনৰ পানীভাগ ৰক্ষা কৰিব পাৰি৷ এনে পদ্ধতিত পথাৰত জমা হৈ থকা পানী শুকাই যোৱাৰ তিনি দিনৰ পিছত ৫ ছে. মি. গভীৰতা পৰ্যন্ত পানী দিব লাগে ৷