অসমৰ কৃষিখণ্ডত এক নতুন মিনি কম্বাইন হাৰভেষ্টাৰ

সাম্প্ৰতিক সময়ত কৃষিখণ্ডত ধান চপোৱাৰ বাবে কৃষকে বিভিন্ন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। অসম এখন কৃষি প্ৰধান ৰাজ্য

তৎস্বত্বেও কৃষিখণ্ডত কৃষক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । বিশেষকৈ কৃষকসকলে ধান চপোৱাৰ সময়ত বহুতো অসুবিধাৰ সন্মুখীন হয়। প্ৰতিবছৰে হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ধান চপোৱাত পলম হয় । ধান চপোৱাত পলম হ'লে ধান অত্যাধিক পুৰঠ হৈ পৰে আৰু ফলত ধানৰ গুণগত মানদণ্ড আৰু ধান উৎপাদনৰ পৰিমাণ নিম্নগামী হৈ পৰে ।

এই সমস্যাবোৰৰ পৰা কৃষক সকলে পৰিত্ৰাণ পোৱাৰ বাবে, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (এপাৰ্ট), অসম কৃষি বিশ্ববিদ্যালয় আৰু ইন্টাৰনেছনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট ( আই আৰ আৰ আই) ৰ কাৰিকৰী সহযোগীতাত ২০১৯-২০ বৰ্ষৰ পৰা ৰাজ্যত কম সময়ত ধান চপোৱা, মৰণা মৰা আদি কাম কৰিবৰ বাবে কম্বাইন হাৰভেষ্টাৰ নামেৰে এটি যন্ত্ৰৰ সূচনা কৰিছে। ইতিমধ্যে এই আধুনিক পদ্ধতিৰ মিনি কম্বাইন হাৰভেষ্টাৰৰ ব্যৱহাৰ সমন্ধে এপাৰ্টৰ অধীনত কৃষক সকলক প্ৰশিক্ষণ দিয়া হৈছে ।

মিনি কম্বাইন হাৰভেষ্টাৰ দৰাচলতে কি আৰু ইয়াৰ সুবিধা সমূহ কেনেধৰণৰ তলত উল্লেখ কৰা হ'ল-

মিনি কম্বাইন হাৰভেষ্টাৰ হৈছে ধান চপোৱা আৰু মৰণা মৰা যান্ত্ৰিক বাহন ; য'ত কেইবাটাও যন্ত্ৰ সংলগ্ন হৈ আছে । এই মিনি কম্বাইন

হাৰভেষ্টাৰৰ সহায়ত অতি সহজে অতি কম সময়ৰ ভিতৰত অধিক শস্য চপোৱাৰ লগতে এই যন্ত্ৰৰ সহায়ত এক ঘণ্টাত প্ৰায় ৩ বিঘা ধান কটা, মৰণা মৰা কাম একেলগে কৰিব পাৰে । মিনি কম্বাইন হাৰভেষ্টাৰৰ সহায়ত ধান কাটিলে খেৰবোৰ নষ্ট নহয় আৰু কৃষকে দীঘল খেৰ পায়। ইয়াক বিশেষকৈ ধান , ঘেঁহু, বাৰ্লি আদি শস্য চপোৱা কাৰ্য্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে ধান কটা, মৰণা মৰা আৰু মোনাত ভৰোৱা কাম একেলগে কৰিব পৰা যায় । এই মিনি কম্বাইন হাৰভেষ্টাৰ খন শুকান আৰু বোকা পথাৰত সহজে ব্যৱহাৰ কৰিব পৰা হয় । মিনি হাৰভেষ্টাৰ খনৰ মূল্য প্ৰায় ১২,০০,০০০ লাখৰ পৰা ১৩,০০,০০০ লাখ টকা । এই বাহনখন চলাবলৈ ট্ৰেক্টৰৰ প্ৰয়োজন নহয় । ই স্বয়ংচালিত ।