ৰাইচ্ নʼলেজ বেংক, অসম

ধান খেতিৰ ওপৰত সম্পাদন কৰা বিভিন্ন গৱেষণা আৰু কৃষকৰ পথাৰত গৱেষণাৰ ফচল সমূহৰ প্ৰকৃত ব্যৱহাৰৰ মাজৰ ব্যৱধান কমাই অনাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে ইণ্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউটৰ কাৰিকৰী পৰামৰ্শত , অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগীতাত অসম কৃষি বাণিজ্য আৰ গ্রাম্য ৰূপান্তকৰণ প্রকল্পৰ জৰিয়তে ৰাইচ্ নʼলেজ বেংক , অসম (আৰ কে বি, অসম) প্ৰস্তুত কৰিছে । ৰাইচ্ নʼলেজ বেংক , অসম এটা ’ডিজিটেল’ সম্প্রসাৰণ সেৱা যাৰ জৰিয়তে কৃষক, সম্প্রসাৰণ কৰ্মী আৰু ছাত্ৰ- ছাত্ৰীক ধানৰ মুল্য শৃংখলৰ বিভিন্ন কাৰ্য কলাপৰ ব্যৱহাৰিক জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে| আৰ কে বি, অসমত ধান উৎপাদনৰ লগত জড়িত বিভিন্ন কাৰিকৰী কৌশল আৰু আধুনিক কৃষি প্রযুক্তি সমুহ সন্নিবিষ্ট কৰা হৈছে | ইয়াৰোপৰি আই আৰ আৰ আই (IRRI) আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ (AAU) গবেষণাৰ ফচল সমূহৰ পৰা আহৰণ কৰা বিভিন্ন তথ্য সমুহৰ ওপৰত ভিত্তি কৰি ধানৰ উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধিৰ বাবে উন্নত কৃষি ব্যৱস্থাপনাৰ ওপৰত পৰামৰ্শ প্ৰদান কৰা হৈছে |

আৰ কে বি, অসমৰ জৰিয়তে মাটি চহোৱাৰ পৰা খেতি চপোৱালৈকে পৰ্যায়ক্রমে কৃষি কাৰ্য ব্যৱস্থাপনাৰ বিভিন্ন পদক্ষেপ সমুহৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰা হৈছে, লগতে ধান খেতিৰ বিভিন্ন জৈৱিক আৰু অজৈৱিক সমস্যাৰ সমুহ নিয়ন্ত্ৰণ বা ব্যৱ্স্থাপনা কৰাৰ বাবে উপযুক্ত সমাধান সুত্ৰ আগবঢ়োৱা হৈছে |

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্রকল্পৰ (এপাৰ্ট) বিষয়ে

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্রকল্পই অসমত জলবায়ু অনুকুল প্রযুক্তিৰ সুচনা ,কৃষি সামগ্ৰীৰ বজাৰমুখী উৎপাদন কৰা , গুৰুত্বপূৰ্ণ কৃষিজাত আৰু কৃষিজাত সামগ্রীৰ মুল্য সংযোজন কৰা, কৃষি খণ্ডত বিনিয়োগৰ সুযোগ সৃষ্টি কৰা, কৃষি উদ্যোগীৰ বিকাশ আৰু বিত্তীয় সংযোগ স্থাপনত গুৰুত্ব প্রদান কৰি আহিছে | এই প্রকল্পটো বিশ্ব বেংকৰ অৰ্থ সাহাৰ্য্যত অসম গ্রাম্য আন্তঃগাথনি আৰু কৃষি সেৱা সমিতিৰ (এৰিয়াছ চোছাইটি )জৰিয়তে ৰূপায়ণ কৰা হৈছে । এৰিয়াছ চোছাইটি হ’ল এই প্রকল্পৰ সমন্বয় আৰু নিৰীক্ষণ কৰা শীৰ্ষ সংস্থা | অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগ,অসম চৰকাৰ হ’ল প্ৰকল্পৰ ৰূপায়ণকাৰী সংস্থা আৰু ইণ্টাৰনেচনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট হ’ল ধানৰ মূল্য শৃংখলৰ কাৰিকৰী পৰামৰ্শদাতা প্ৰতিষ্ঠান|